অঘটন! আকাশৰ পৰাই নাইকিয়া হ’ল উপৰাষ্ট্ৰপতিৰ বিমান...

অঘটন! আকাশৰ পৰাই নাইকিয়া হ’ল উপৰাষ্ট্ৰপতিৰ বিমান...

ডিজিটেল ডেস্কঃ আকাশৰ পৰাই হঠাত অন্তৰ্ধান হল এখন বিমান। উপ ৰাষ্ট্ৰপতিৰ সৈতে ১০গৰাকী লোকে যাত্ৰা কৰা এই বিমানখনৰ সৈতে বৰ্তমানলৈকে কোনোধৰণৰ যোগাযোগ কৰিব পৰা নাই।

পূৰ্ব আফ্ৰিকাৰ অন্তৰ্গত দেশ মলাৱীৰ উপৰাষ্ট্ৰপতি ছাওলোছ ছিলিমাৰ সৈতে চৰকাৰী শীৰ্ষ ১০গৰাকী বিষয়া উক্ত বিমানখনত থকাৰ কথা সদৰি কৰিছে প্ৰশাসনে। মঙলবাৰে পুৱা ৯বজাত যাত্ৰা আৰম্ভ কৰা এই বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ আশংকা কৰিছে ৰাষ্ট্ৰপতি কাৰ্যালয়ে।

এতিয়ালৈকে বিমানখনৰ দুৰ্ঘটনাৰ সন্দৰ্ভত কোনো কথা আনুষ্ঠানিকভাৱে প্ৰকাশ নকৰা নাই দেশখনৰ চৰকাৰে। কেইবাটাও উদ্ধাৰকাৰী দলে বিমানখনৰ অৱস্থিতি ধৰা পেলাবলৈ চেষ্টা কৰি আছে যদিও সফল হব পৰা নাই।

উক্ত বিমানখনত মলাৱাৰ ৰাষ্টপতিগৰাকীয়েও যাত্ৰা কৰাৰ কথা আছিল।  কিন্তু অন্তিম মূৰ্হুতত এই যাত্ৰা বাতিল কৰা হয়। বিমানখন দেশখনৰ উত্তৰ প্ৰান্তত অৱস্থিত ম্জুজু নামৰ প্ৰদেশখনত অৱতৰণ কৰাৰ কথা আছিল যদিও লক্ষ্যস্থান পোৱাৰ পূৰ্বেই এই অঘটন সংঘটিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in