/asomiyapratidin/media/media_files/2025/05/16/NHm8AetwvV7hUQF1ce7K.jpg)
বি টি নিৰ্বাচনক লৈ তৎপৰ বিজেপি Photograph: (BJP Facebook)
ডিজিটেল ডেস্ক : পঞ্চায়ত নিৰ্বাচনৰ সফলতা- বিফলতা এতিয়া বিজেপিৰ বাবে অতীত। দলটোৰ সন্মুখত এতিয়া এটাই লক্ষ্য বি টি আৰ নিৰ্বাচন।
পঞ্চায়ত নিৰ্বাচনৰ পাছত এইবাৰ বিটিআৰ নিৰ্বাচনক লৈ তৎপৰ হৈছে অসম ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দ। আসন্ন বি টি আৰ নিৰ্বাচনকলৈ ইতিমধ্যে বিজেপিয়ে ৰচনা কৰিছে বিশেষ ৰণনীতি।
সেয়ে বৃহস্পতিবাৰে নিশা বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত অনাগত বি টি আৰ নির্বাচন সন্দৰ্ভত কৰ্ণধাৰ সমিতিৰ বিষয়ববীয়াসকলে কেতবোৰ আলোচনা কৰে।
উল্লেখযোগ্য যে, এই বৈঠকত বিটিআৰ নিৰ্বাচনৰ সন্দৰ্ভত ৰাজনৈতিক তথা সাংগঠনিক দিশত প্ৰাৰম্ভিক পৰ্য্যায়ৰ আলোচনা কৰা হয়। এই বৈঠকতে উপস্থিত থাকে ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুসহ কৰ্ণধাৰ সমিতিখনৰ সদস্যসকল।