/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/6d59b603-77bb-4d1b-a472-cde816f7591e/pawan_singh.jpg)
ডিজিটেল ডেস্কঃ ভোজপুৰী ছবিজগতৰ ছুপাৰষ্টাৰ তথা বিজেপি নেতা পৱন সিঙক দলৰ পৰা বহিষ্কাৰ কৰিছে কেন্দ্ৰীয় নেতৃত্বই। দলবিৰোধী কাৰ্যকলাপ আৰু দলীয় অনুশাসন ভংগৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ কৰা হৈছে জনপ্ৰিয় অভিনেতাগৰাকীক।
উল্লেখ কৰা প্ৰয়োজন যে, বিহাৰৰ কাৰাকাট লোকসভা সমষ্টিত বিজেপিৰ পৰা টিকট নাপাই নিদৰ্লীয় প্ৰাৰ্থীৰূপে প্ৰাৰ্থিত্ব আগবঢ়াইছিল পৱন সিঙে। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী উপেন্দ্ৰ কুশৱাহাৰ বিৰুদ্ধে জোৰদাৰ প্ৰচাৰো চলাইছিল পৱন সিঙে। শেহতীয়াকৈ বিহাৰ বিজেপিৰ অধ্যক্ষ সম্ৰাট চৌধুৰীৰ নিৰ্দেশত বহিষ্কাৰ কৰা হৈছে পৱন সিঙক।
Also Read: এক্স নে ইনষ্টাগ্ৰাম ! ক'ত ব্যস্ত থাকে ধোনী?
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us