৪লাখ ভোটৰ ব্যৱধানত দিলীপ কুমাৰ শইকীয়া জয়ী হ'বঃ অশোক সিংহল

৪লাখ ভোটৰ ব্যৱধানত দিলীপ কুমাৰ শইকীয়া জয়ী হ'বঃ অশোক সিংহল

author-image
Asomiya Pratidin
New Update
৪লাখ ভোটৰ ব্যৱধানত দিলীপ কুমাৰ শইকীয়া জয়ী হ'বঃ অশোক সিংহল

ডিজিটেল সংবাদ, চিৰাংঃ শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হোৱা ৫খনত আসনতে এনডিএ ৰ প্ৰাৰ্থী জয়ী হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী অশোক সিংঘালে। আজি ভোট গ্ৰহণ হৈ যোৱা দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী দিলীপ শইকীয়া চাৰি লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব বুলি দাবী কৰে মন্ত্ৰী অশোক সিংহলে।

Advertisment

আজি চিৰাং জিলা সদৰ কাজলগাঁৱত আদিবাসী সমাজৰ বিভিন্ন স্তৰৰ লোকৰ সৈতে হোৱা এক বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী অশোক সিংহলে। উল্লেখ্য যে কোকৰাঝাৰ লোকসভা সমষ্টিত আদিবাসী ভোটাৰসকলৰ এটা সদায় এটা বিশেষ ভূমিকা থাকে । কোকৰাঝাৰ লোকসভা সমষ্টিৰ আদিবাসী সম্প্ৰদায়ৰ ভোটখিনি যাতে এইবাৰ এনডিএৰ পক্ষত থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি অসমৰ মন্ত্ৰী অশোক সিংঘাল আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োই চিৰাঙৰ কাজলগাঁৱত আদিবাসী সমাজৰ বুদ্ধিজীৱি, গাঁওবুঢ়া, লগতে বিভিন্ন দল সংগঠনৰ নেতৃত্ববৰ্গৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ।

বৈঠকত উপস্থিত থাকে আকমা প্ৰাক্তন মুৰব্বী কানহু মুৰ্মুৰ উপৰি শব্দ ৰাম ৰাভা, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী সহ নেতা-কৰ্মীসকল। আজিৰ বৈঠকত কোকৰাঝাৰ, চিৰাং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা শতাধিক আদিবাসী লোকসকলৰ উপস্থিতিত আদিবাসীসকলৰ জনজাতিকৰণ, ভূমিৰ পট্টা প্ৰদান কৰা, যুগ যুগ ধৰি বনাঞ্চল এলেকাত বসবাস কৰি থকা আদিবাসীসকলক মাজে সময়ে উচ্ছেদ অভিযান চলোৱা বন্ধ কৰা আদি কৰি বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰা হয় ।

আদিবাসী সমাজৰ সেই সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পুনৰ অধিষ্ঠিত কৰিব লাগিব। সেই লক্ষ্যৰেই আগন্তুক তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি-এজেপি মিত্ৰজোঁট তথা ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোটদান কৰিবলৈ আহ্বান জনায় মন্ত্ৰী অশোক সিংহল আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে।

বিটিআৰ ৰ ভূমিৰ সমস্যা দুৰ কৰিবলৈ মিছন বৈসুমতী আৰম্ভ কৰা হৈছে বুলি সদৰি কৰে। মুঠৰ ওপৰত বিটিআৰ এলেকাৰ আদিবাসী সকলৰ সমস্যা সমূহ আগন্তুক সময়ত দূৰ কৰিবলৈ আশ্বাস প্ৰদান কৰে প্ৰমোদ বড়োই।

Also Read: বাসুগাঁৱত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ সভা...

loksabha election 2024 bjp pramod bodo ashok singhal kajolgaon dilip saikia