বাসুগাঁৱত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ সভা...

বাসুগাঁৱত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ সভা...

ডিজিটেল সংবাদ, চিৰাংঃ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভোট যুদ্ধত অৱতীৰ্ণ হোৱা ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। শুকুৰবাৰে চিৰাং জিলাৰ বাসুগাঁৱত এনডিএ মিত্ৰজোঁট তথা ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই।

বঙালী অধ্যুষিত গোগলাপাৰাত অনুষ্ঠিত নিৰ্বাচনী সভাত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই বাংলা ভাষাত ভাষন দি কয় যে কোকৰাঝাৰৰ লোকসভা সমষ্টিৰ এনডিএ মিত্ৰজোঁট প্ৰাৰ্থী জয়ন্ত বসুমতাৰী অবিহনে বিকল্প নাই। তিনিলাখ ভোটৰ ব্যৱধানত জয়ী হ'ব জয়ন্ত বসুমতাৰী। কাৰণ ইউপিপিএল দলক বিভিন্ন ৰাজনৈতিক দলৰ উপৰি বিভিন্ন জাতীয় ছাত্ৰ সংগঠনে মুকলিকৈ সমৰ্থন আগবঢ়াইছে কিন্তু তাৰ বিপৰীতে বিপিএফ দলক কোনো ৰাজনৈতিক দল বা কোনো সংগঠনে সমৰ্থন আগবঢ়াইছে নেকি বুলি মন্তব্য কৰে চন্দন ব্ৰহ্মই।

ইপিনে আজি অনুষ্ঠিত হৈ যোৱা পাঁচোটা লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব। লগতে কয় ইতিমধ্যে ১০ টা লোকসভা সমষ্টিত এনডিএৰ প্ৰাৰ্থী জয়ী হ'ল। বাকী থাকিল চাৰিটা, চাৰিওটা সমষ্টিত এনডিএৰ প্ৰাথীৰ লাখ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি মন্তব্য কৰে। প্ৰায় পাঁচ শতাধিক মহিলাই অংশগ্ৰহণ নিৰ্বাচনী সভাত বিজেপিৰ জিলা সভাপতি ৰতন ৰায়, বিজেপিৰ পাৰিষদ প্ৰদীপ বায়ন সহ মিত্ৰজোট দলৰ অন্যান্য নেতৃবৰ্গ সকলে ভাষণ প্ৰদান কৰে ।

বাসুগাঁৱত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ সভা...
ওদালগুৰিত বিজেপি মিত্ৰজোঁটৰ সংবাদমেলঃ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in