বিপদত কৃষকঃ ধান নহয় বিশ্বনাথত মোনে মোনে ওলাইছে পতান..

বিপদত কৃষকঃ ধান নহয় বিশ্বনাথত মোনে মোনে ওলাইছে পতান..

author-image
Asomiya Pratidin
New Update
বিপদত কৃষকঃ ধান নহয় বিশ্বনাথত মোনে মোনে ওলাইছে পতান..

ডিজিটেল সংবাদ,বিশ্বনাথঃ বিশ্বনাথৰ এজন কৃষকে এতিয়া ধানৰ খেতি কৰি মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতি হৈছে। বন্ধনৰ পৰা ঋণ লৈ ধান খেতি কৰিছিল কৃষকে। কিন্তু এতিয়া পথাৰত ধানৰ পৰিৱৰ্তে ওলাইছে পতান।বিশ্বনাথৰ ননকে জাপৰিগুৰী অঞ্চলৰ দৰিদ্ৰ কৃষক আব্দুল নুৰ সম্পূৰ্ণৰূপে কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল।

Advertisment

ধানৰ ওপৰত নিৰ্ভৰ কৰিয়ে বছৰটোৰ পৰিকল্পনা কৰি আহিছে কৃষক গৰাকীয়ে।বন্ধন বেংকৰ পৰা চল্লিশ হাজাৰ টকা ঋণ লৈছিল কৃষক জনে। খেতিৰ পৰা ওলোৱা কিছু ধান বিক্ৰী কৰি বন্ধন বেংকৰ ঋণ পৰিশোধ কৰাৰ পৰিকল্পনা আছিল আব্দুল নুৰৰ।

কিন্তু ধান চপোৱাৰ সময়ত সৰগ ভাঙি পৰিল কৃষক আব্দুল নুৰৰ।কাৰণ ৫ বিঘা ধান খেতিৰ ভিতৰত চাৰে ৩ বিঘা ধানৰ পৰিৱৰ্তে ওলাল পতান। ইয়াৰোপৰি কৃষকজনে এই সমস্ত খেতিতে বীমা কৰি ৰাখিছিল। আব্দুল নুৰে এই সন্দৰ্ভত জিলা কৃষি বিভাগক অৱগত কৰে।

জিলা কৃষি বিভাগৰ দলে উক্ত খেতি পৰিদৰ্শন কৰে যদিও এই পৰ্যন্ত কোনো সমাধান লাভ কৰা নাই কৃষক গৰাকীয়ে। বৰ্তমান অনিশ্চয়তাত ভোগাৰ লগতে বন্ধন বেংকৰ পৰা লোৱা ঋণ কি দৰে পৰিশোধ কৰিব আৰু বছৰটো কি দৰে পৰিয়াল পোহপাল দিব,তাক লৈ চিন্তিত হৈ পৰিছে আব্দুল নুৰ।

Also Read: বোকাখাতত আটক চোৰাং চিকাৰীঃ সজীৱ গুলী উদ্ধাৰ...

biswanath rice husk news