বিশ্বনাথত গৰু চোৰৰ সন্দেহত এটা পৰিয়ালক প্ৰহাৰ উন্মাদ ৰাইজৰ...

বিশ্বনাথত গৰু চোৰৰ সন্দেহত এটা পৰিয়ালক প্ৰহাৰ উন্মাদ ৰাইজৰ...

ডিজিটেল সংবাদ,বিশ্বনাথঃ বিশ্বনাথত সাকোমঠা চাহ বাগিচাত মৰেল পুলিচিংৰ নামত এটা পৰিয়ালক প্ৰাণে মৰাৰ চেষ্টা একাংশ উদণ্ড লোকৰ। গৰু চোৰৰ সন্দেহত বিশ্বনাথত পতি-পত্নীক বৰ্বৰ আক্ৰমণ চলাই একাংশ লোকে। আনকি পৰিস্থিতি ইমানেই অৱনতি ঘটিল যে প্ৰাণ ৰক্ষা কৰিবলৈ যোৱা আৰক্ষীকো আক্ৰমণ কৰে এচাম উন্মাদ জনতাই।

আনকি এই দলটোৱে আৰক্ষীৰ গাড়ীও আক্ৰমণৰ লক্ষ্য কৰি লয়। জানিব পৰা মতে, সাকোমঠা চাহ বাগিচাৰ ফুলচন তচা নামৰ লোকজনক গৰু চুৰি কৰা সন্দেহত গাঁৱৰে একাংশ লোকে ঘৰত প্ৰৱেশ কৰি অত্যাচাৰ চলায়। প্ৰথমে ঘৰখনৰ বিভিন্ন আচবাব ঘৰৰ দুৱাৰ খিৰিকী ভাঙে।

উদণ্ড একাংশই ফুলচন তচাক ঘৰৰ বাহিৰত আনি মাৰধৰ কৰে। কেৱল মাৰধৰতে শান্ত নাথাকি উত্তেজিত জনতাই লোকজনৰ ওপৰত আক্ৰমণ কৰি হত্যা কৰাৰ চেষ্টা চলাই বুলি পুত্ৰই অভিযোগ তুলিছে।তেনে সময়তে ফুলচন তচাৰ দুই পুত্ৰ উপস্থিত হৈ ঘটনাস্থলীৰ পৰা নিজ পিতৃক ৰক্ষা কৰাৰ চেষ্টা কৰে।

কিন্তু উত্তেজিত জনতাই ফুলচন তচাৰ দুই পুত্ৰকো অৰ্ধ উলংগ কৰি মাৰধৰ কৰি হত্যাৰ চেষ্টা কৰে।লগে লগে তচাৰ পত্নীয়ে ফোন যোগে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত উপস্থিত হৈ স্বামী আৰু দুই পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰে ।

উত্তেজিত জনতাই ফুলচন তচাৰ পত্নীকো মাৰধৰ কৰে।তেনে সময়তে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষীৰ দল ঘটনা স্থলীত উপস্থিত হৈ পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে। কিন্তু আৰক্ষীৰ দলটোকো আক্ৰমণ কৰে এচামে। আনকি উত্তেজিত জনতাই আৰক্ষীৰ গাত আমৰলি পৰুৱা,পকা চপৰা,বাতুলি গুটি,বাহঁৰ লাঠিৰে আক্ৰমণ কৰে।

এই আক্ৰমণত আৰক্ষী বিষয়া আৰু কেইবাজনো আৰক্ষী জোৱান আহত হয়।ফলত পুনৰ ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী উপস্থিত হৈ কোনোমতে পৰিস্থিতি শান্ত কৰি পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোক আৰক্ষীয়ে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

বিশ্বনাথত গৰু চোৰৰ সন্দেহত এটা পৰিয়ালক প্ৰহাৰ উন্মাদ ৰাইজৰ...
২৬ সংখ্যক এছিয়ান টাইকোৱাণ্ড চেম্পিয়নশ্বিপলৈ তেজপুৰৰ ৰ'দালী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in