/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/9bf92f15-c2b0-4633-9131-a23d74a95f1f/rodali_13.jpg)
২৬ সংখ্যক এছিয়ান টাইকোৱাণ্ড চেম্পিয়নশ্বিপলৈ তেজপুৰৰ ৰ'দালী...
ডিজিটেল ডেস্কঃ ১৬ মে’ৰ পৰা ভিয়েটনামৰ ডা নাঙত অনুষ্ঠিত হ'বলগীয়া ২৬ সংখ্যক ছিনিয়ৰ এছিয়ান টাইকোৱাণ্ড চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰিব অসম সন্তান ৰ'দালী বৰুৱাই। প্ৰতিযোগিতাখনৰ ৰ'দালীয়ে অংশগ্ৰহণ কৰিব ৭৩ কেজি উৰ্ধ্বৰ শাখাত।
বৰ্তমান ৰ'দালী বৰুৱাই কুয়েঞ্চ টাইকোৱাণ্ড এক্সিলেঞ্চ চেণ্টাৰৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। উল্লেখ্য যে, ১৯৯৬ চনত জন্মগ্ৰহণ কৰা ৰ'দালী বৰুৱাই ২০১৭ ত অল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত সোণৰ পদক লাভ কৰিছিল।
ইয়াৰ পিছতেই চাইনিজ টাইপেইত অনুষ্ঠিত হোৱা ছামাৰ ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছত কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত খেলিছিল। ২০১৯ ত তেওঁ জয় কৰিছিল ইণ্ডিয়া অ'পেন। একেবছৰতে নেপালত অনুষ্ঠিত হোৱা দক্ষিণ এছিয়া ক্ৰীড়াত লাভ কৰিছিল সোণৰ পদক।
২০২৩ ৰ ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অৰ্জন কৰিছিল সোণৰ পদক। ইয়াৰোপৰি তেওঁ বহু কেইখন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।
Also Read: অষ্টম নর্থ-ইষ্ট ভেটার্ন বেডমিন্টন চেম্পিয়নশ্বিপৰ সামৰণি...