ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব বিৰুৱালা ৰাভাৰ...

ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব বিৰুৱালা ৰাভাৰ

author-image
Asomiya Pratidin
New Update
ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব বিৰুৱালা ৰাভাৰ...

ডিজিটেল ডেস্কঃ বিৰুৱালা ৰাভাৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হব। এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শান্তিৰ নোবেল বঁটাৰ বাবে বাচনি তালিকাভুক্ত হোৱা পদ্মশ্ৰী বিৰুবালা ৰাভা প্ৰথমগৰাকী অসমীয়া মহিলা।

Advertisment

বিৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, "বৰেণ্য সত্তা বীৰুবালা ৰাভা বাইদেউৰ বিয়োগৰ বাতৰিত খুবেই মৰ্মাহত হৈছোঁ৷ ডাইনী হত্যাক সমাজৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ নিৰৱচ্ছিন্নভাৱে অহোপুৰুষাৰ্থ কৰি অহা সমাজ সংস্কাৰক পদ্মশ্ৰী বীৰুবালা ৰাভা বাইদেউৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷

বিৰুবালা ৰাভাৰ অন্ত্যেষ্টি ক্ৰিয়া সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে কৰা হ'ব৷ আৰু এই বিষয়ত সকলো দিশ তদাৰক কৰিবলৈ কেবিনেট মন্ত্ৰী শ্ৰীচন্দ্ৰমোহন পাটোৱাৰী আৰু শ্ৰীজয়ন্ত মল্লবৰুৱাক দায়িত্ব প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।

মহান সমাজকৰ্মীৰ মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে। লুৰিণজ্যোতি গগৈয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে ‘পদ্মশ্ৰী’ ড° বীৰুবালা ৰাভাৰ বিয়োগত অসমে এটি ৰত্ন হেৰুৱালে৷ এই যুগজয়ী সংগ্ৰামী সত্তাৰ জীৱনাৱসানত আমি ব্যথিত, মৰ্মাহত, শোকস্তব্ধ৷ আপোনাক বিদায় জনাব নোৱাৰি বীৰুবালা ৰাভা বাইদেউ! অসমৰ জাতীয় জীৱনে আপোনাক আৰু আপোনাৰ অৱদান চিৰকাল স্মৰণ কৰি যাব৷ আপোনাৰ জীৱনাদৰ্শ অনাগত প্ৰতিটো প্ৰজন্মৰ বাবে পাথেয় হৈ ৰ’ব৷'

সোমবাৰে পুৱা ৯.২৩ বজাত শেষ নিশ্বাস ত্যাগ কৰে সমাজকৰ্মীগৰাকীয়ে। উল্লেখযোগ্য যে বিগত বহু দিনৰে পৰা ৭৫ বছৰীয়া পদ্মশ্ৰী বিৰুবালা ৰাভা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল।গুৱাহাটী চিকিৎসা ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত ২২এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ আছিল পদ্মশ্ৰী বিৰুবালা ৰাভা। যোৱা ৪ মে’ পৰা আইচিএউত চিকিৎসাধীন হৈ আছিল সমাজকৰ্মীগৰাকী।

Also Read: প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ দেহাৱসান...

Lurinjyoti Gogo himanta biswa sarma death birubala rabha