পশ্চিমবংগত বিজেপিৰ বিপৰ্যয়ঃ বীৰভূমৰ পৰা দেৱাশীষ ধৰৰ মনোনয়ন বাতিল

পশ্চিমবংগত বিজেপিৰ বিপৰ্যয়ঃ বীৰভূমৰ পৰা দেৱাশীষ ধৰৰ মনোনয়ন বাতিল

author-image
Asomiya Pratidin
New Update
পশ্চিমবংগত বিজেপিৰ বিপৰ্যয়ঃ বীৰভূমৰ পৰা দেৱাশীষ ধৰৰ মনোনয়ন বাতিল

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ মাজতে পশ্চিম বংগত বিজেপিয়ে বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। বীৰভূমিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দেৱাশীষ ধৰৰ মনোনয়ন বাতিল কৰা হৈছে। প্ৰাক্তন আই পি এছ বিষয়া দেবাশীষে ‘নো ড্যুজ চাৰ্টিফিকেট’ দাখিল কৰাত ব্যৰ্থ হোৱা ফলত নিৰ্বাচনী বিষয়াই তেওঁৰ মনোনয়ন নাকচ কৰে। মাৰ্চ মাহত আই পি এছ পদৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰিছিল দেৱাশীষ ধৰে। ইয়াৰ পিছত তেওঁক বীৰভূমৰ পৰা প্ৰাৰ্থী হিচাপে তেওঁক মনোনীত কৰা হয়।

Advertisment

তথ্য অনুসৰি, এই ঘটনাৰ পাছতে বিজেপিয়ে দেৱটনু ভট্টচাৰ্যক বীৰভূমৰ পৰা মনোনীত কৰে। উল্লেখ কৰাটো প্ৰয়োজনীয় যে, বীৰভূমত চতুৰ্থ পৰ্যায়ত ১৩ মে'ত নিৰ্বাচন হ'ব। তৃণমূল কংগ্ৰেছে বীৰভূমৰ পৰা বৰ্তমানৰ সাংসদ শতাব্দী ৰায়ক পুনৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

উল্লেখ্য যে, ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পাছত ৰাজ্য চৰকাৰে দেৱাশীষ ধৰক নিলম্বন কৰিছিল। জানিব পৰা মতে দেৱাশীষ ধৰ কোচবিহাৰৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত সময়ছোৱাত শীতলকুচী নামৰ অঞ্চলত ভোটগ্ৰহণৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। উক্ত ঘটনাত ৪ জনকৈ লোকৰ মৃত্যু হৈছিল।

Also Read: পাৰিবাৰিক কণ্ডলঃ স্বামীয়ে হত্যা কৰিলে পত্নীক

birbhum bjp candidate debasish dhar nomination west bengal bjp