/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/02187701-d82c-4b1d-afd8-66fa3fb81caa/road_accident_24.jpg)
বাইক ৰেচৰ ভয়ংকৰ পৰিণতিঃ থিতাতে নিহত এজন, আহত দুজন...
ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱা সমষ্টিৰ অন্ততৰ্গ মৰিগাঁও জিলাৰ বেহগুৰিত আজি নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে দুজন গুৰুতৰ ভাবে আহত হয়। উল্লেখ্য যে, বটদ্ৰৱাৰ বৰিবজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত বেহগুৰিৰ দীঘলী পথাৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
একে দিশৰ পৰা প্ৰতিযোগিতা কৰি তীব্ৰ গতিৰে আহি থকা AS-02-AJ9013 আৰু AS-02-AJ0987 নম্বৰৰ দুখন বাইকৰ মাজত সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত ফৰিদুল ইছলাম নামৰ যুৱকজন থিতাতে নিহত হয়। আনহাতে আহত হয় আন দুই যুৱক।
ঘটনাস্থলীত বৰিবজাৰ আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ফৰিদুল ইছলামৰ মৃতদেহ চমজি লৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰে।
ক্লিক কৰি পঢ়কঃ ৰংপুৰ প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণ সমিতি, ৰাইজৰ দলৰ উদ্যোগত লাচিত দিৱস পালন