মৃদুলা বৰুৱা, জুবিন গাৰ্গ, ঋষি বৰুৱাকে ধৰি কেইবাজনলৈ 'বিজু ফুকন ৰিকগনিশ্যন এৱাৰ্ড-২০২২'

মৃদুলা বৰুৱা, জুবিন গাৰ্গ, ঋষি বৰুৱাকে ধৰি কেইবাজনলৈ 'বিজু ফুকন ৰিকগনিশ্যন এৱাৰ্ড-২০২২'
মৃদুলা বৰুৱা, জুবিন গাৰ্গ, ঋষি বৰুৱাকে ধৰি কেইবাজনলৈ 'বিজু ফুকন ৰিকগনিশ্যন এৱাৰ্ড-২০২২'

ডিজিটেল ডেস্কঃ আজি গুৱাহাটীৰ দিছপুৰস্থিত পি ডব্লিউ ডি কনভেনশ্যন হলত অনুষ্ঠিত হয় বিজু ফুকন ৰিকগনিশ্যন এৱাৰ্ড ২০২২। ৰয়েল এফিয়াৰৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হয় 'বিজু ফুকন ৰিকগনিশ্যন এৱাৰ্ড ২০২২'।

এই অনুষ্ঠানতে 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ সঞ্চালক ঋষি বৰুৱাক প্ৰদান কৰা হয় যুৱ উদ্যোগী শিতানত 'বিজু ফুকন ৰিকগনিশ্যন এৱাৰ্ড ২০২২'। 'জীৱন যোৰা সাধনা বঁটা' আগবঢ়োৱা হৈছে প্ৰয়াত পুলক গগৈ আৰু অভিনেত্ৰী মৃদুলা বৰুৱালৈ।

সংগীতৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে জুবিন গাৰ্গক আগবঢ়োৱা হৈছে বিজু ফুকন ৰিকগনিশ্যন এৱাৰ্ড। শ্ৰেষ্ঠ অভিনেতাৰ শিতানত বিশিষ্ট অভিনেতা অৰুণ নাথ, শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত প্ৰণামী বৰা আৰু শ্ৰেষ্ঠ ছবিৰ শিতানত বাহাৰুল ইছলামৰ দ্যা ছেভেন ষ্ট্ৰিং লৈ আগবঢ়োৱা হৈছে বঁটা।

আনহাতে স্পৰ্টছ পাৰছন শিতানত কমনৱেলথ গেমছৰ লন বলত সোণৰ পদক প্ৰাপ্ত 'অৰ্জুন' নয়নমণি শইকীয়া, শ্ৰেষ্ঠ এথলিটৰ শিতানত সাঁতোৰৰ জৰিয়তে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা এলভিছ আলী হাজৰিকা, সমাজ সেৱাৰ শিতানত পদ্মপাণী বৰা, ৰক্তিম শইকীয়া, উদ্যোগী শিতানত পৱন আগৰৱাল, সমাজ কৰ্মী শিতানত জগত হাজৰিকা আদিক বঁটা আগবঢ়োৱা হয়।

ইয়াৰোপৰি বিভিন্ন শিতানত দীপক কয়াল, নীপন কুমাৰ তালুকদাৰ, প্ৰণয় বৰদলৈ, বিতুপণ বৰা, নীল আকাশ, মৈত্ৰেয়ী পাটৰ, চাংকু নিৰঞ্জন নাথ, সৃজনী ভাস্ব মহন্ত, প্ৰবাল বৰুৱা, ডাঃ ফৰিদুল হুছেইন, ডা নিৰুদ মেধি, ডাঃ মনোজ মিৰ্ধা, ডাঃ কৰণ চাৰফ, অক্ষত্ৰা নাৰায়ণ, ৰিম্পি দাস, দিপ্তী সুনি, মেঘ্না ৰায় মেধিলৈ আগবঢ়োৱা হৈছে বঁটা। আনহাতে আন কেইবাটাও অনুষ্ঠানলৈও আগবঢ়োৱা হৈছে বঁটা।

অনুষ্ঠানত জুবিন গাৰ্গে প্ৰয়াত অভিনেতা বিজু ফুকনক সোঁৱৰি তেওঁ সদায় অসমীয়া ৰাইজৰ অন্তৰত থাকিব বুলি মন্তব্য কৰে। শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা গ্ৰহণ কৰি বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা আৱেগিক হৈ পৰে। তেওঁ বিজু ফুকনৰ সৈতে অভিনয় কৰা প্ৰথমখন চিনেমা 'বোৱাৰী'ৰ ,স্মৃতি ৰোমন্থন কৰি পৰৱৰ্তী সময়ত তেওঁৰ সৈতে কৰা বিভিন্ন কামৰ কথাও উল্লেখ কৰে।

ইফালে 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ সঞ্চালক ঋষি বৰুৱাই বঁটা গ্ৰহণ কৰি কয়, এই বঁটাই তেওঁক আগন্তুক সময়ত আৰু দায়বদ্ধতাৰে কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰে। তেওঁক এই বঁটা প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in