উপ নিৰ্বাচনঃ বিহালীত বিৰোধীৰ প্ৰাৰ্থীৰ নাম ঠিৰাং কৰাৰ দায়িত্ব ৫জনীয়া কমিটীৰ...

উপ নিৰ্বাচনঃ বিহালীত বিৰোধীৰ প্ৰাৰ্থীৰ নাম ঠিৰাং কৰাৰ দায়িত্ব ৫জনীয়া কমিটীৰ...

author-image
Asomiya Pratidin
New Update
উপ নিৰ্বাচনঃ  বিহালীত বিৰোধীৰ প্ৰাৰ্থীৰ নাম ঠিৰাং কৰাৰ দায়িত্ব ৫জনীয়া কমিটীৰ...

ডিজিটেল ডেস্কঃ বিহালীৰ উপ নিৰ্বাচনত বিৰোধীয়ে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব? ইয়াকে লৈ অসম সংযুক্ত মৰ্চা চমুকৈ অসমে আয়োজন কৰা বৈঠকত এখন ৫জনীয়া কমিটী গঠন কৰা হয়। এই কমিটীখনে আগন্তুক সময়ত ঠিৰাং কৰিব বিহালীৰ উপ-নিৰ্বাচনত বিৰোধীৰ প্ৰাৰ্থীৰ নাম।

Advertisment

বৈঠকৰ অন্তত এই কথা ঘোষণা কৰি ভূপেন বৰাই কয় যে, সকলোৰে সৰ্বসন্মতিক্ৰমে এই কমিটীখন গঠন কৰা হৈছে। এই কমিটীখনৰ সিদ্ধান্তই সকলোৱে মানি লব লাগিব। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এই কমিটিখনত নাই কংগ্ৰেছৰ কোনো সদস্য।

ইফালে উপ নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা নকৰাৰ সিদ্ধান্ত লোৱাৰ পাছত অখিল গগৈয়ে বিজেপিক পৰাভূত কৰাৰ বাবে ৰাইজৰ দলে ত্যাগ কৰাৰ কথা উল্লেখ কৰে। লগতে ৰাইজৰ দলৰ তৰফৰ পৰা দাবী উত্থাপন কৰা হয় যে, বিহালী সমষ্টিটো চি পি আই এমক এৰি দিব লাগে বিৰোধীয়ে।

বিহালীৰ প্ৰাৰ্থীৰ নাম ঠিৰাং কৰিবৰ বাবে গঠন কৰি দিয়া ৫জনীয়া কমিটীত আছে অখিল গগৈ, লুৰীণজ্যোতি গগৈ, অজিত কুমাৰ ভূঞা, সুপ্ৰকাশ তালুকদাৰ আৰু জন ইংতি কাথাৰ। এই কমিটীখনে ১৯অক্টোবৰ ২০২৪ৰ আবেলি বিহালী সমষ্টিৰ বাবে বিৰোধীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব।

Also Read: হুকহুকাই কান্দি উঠিল পত্নী! ২বছৰো অধিক কালৰ পাছত জামিন পালে আপৰ নেতা সত্যেন্দ্ৰ জৈনে..

বিহালী