হুকহুকাই কান্দি উঠিল পত্নী! ২বছৰো অধিক কালৰ পাছত জামিন পালে আপৰ নেতা সত্যেন্দ্ৰ জৈনে..

দিল্লী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা আপৰ জ্যেষ্ঠ নেতা সত্যেন্দ্ৰ জৈনে লাভ কৰিছে

author-image
Asomiya Pratidin
New Update
হুকহুকাই কান্দি উঠিল পত্নী! ২বছৰো অধিক কালৰ পাছত জামিন পালে আপৰ নেতা সত্যেন্দ্ৰ জৈনে..

ডিজিটেল ডেস্কঃ দিল্লী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা আপৰ জ্যেষ্ঠ নেতা সত্যেন্দ্ৰ জৈনে লাভ কৰিছে জামিন। ৫০হাজাৰ টকাৰ ব্যক্তিগত বণ্ড আৰু কিছু চৰ্ত সাপেক্ষে আপৰ জ্যেষ্ঠ নেতাগৰাকীক জামিন প্ৰদান কৰা হৈছে।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, দিল্লীৰ কেজৰিৱাল চৰকাৰৰ মন্ত্ৰী আছিল সত্যেন্দ্ৰ জৈন। ধনৰ অবৈধ লেনদেনৰ গোচৰত কাৰাবাস খাটি আছিল আপৰ নেতাগৰাকীয়ে। শুকুৰবাৰে দিল্লীৰ ৰ'জ এভিনিউ আদালতে জামিন মঞ্জুৰ কৰে জৈনৰ।

আদালতে জামিন মঞ্জুৰ কৰাৰ পাছতে হুকহুকাই কান্দি উঠে সত্যেন্দ্ৰ জৈনৰ পত্নী। ২০২২চনৰ মে মাহৰ পৰা কাৰাগাৰত বন্দী হৈ আছিল দিল্লীৰ প্ৰাক্তন মন্ত্ৰীগৰাকী।

সত্যেন্দ্ৰ জৈন