/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6145cff7-7491-4e6e-ad2f-6f3be036d520/4.jpg)
ডিজিটেল সংবাদ, বিহালীঃ বিহালীত পিতৃৰ নামত কলংক সানি সভ্য সমাজক কৰিলে লজ্জানত৷ বিহালীৰ উত্তৰ জিনজিয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ পিতৃয়ে ডিঙি চেপি হত্যা কৰিলে নিজ সন্তানক৷ নিশা শুই থকাৰ সময়তে ডিঙি চেপি হত্যা কৰি ১০মহীয়া সন্তানক কুৱাত পেলালে পিতৃয়ে৷
তথ্যমতে, সুৰামত্ত পিন্টু কৰ্মকাৰ নামৰ যুৱকজনে হত্যা কৰিলে নিজৰ ল'ৰা সন্তান ৷ পিন্টুৰ লগত কাজিয়া হোৱাৰ বাবে পিন্টুৰ পত্নী দীৰ্ঘদিন পিতৃ গৃহত আছিল আৰু পিতৃৰ গৃহৰ পৰা উভতি অহাৰ পিছতেই ল'ৰা সন্তান জন্ম হৈছিল।
পিন্টু কৰ্মকাৰে পুত্ৰ সন্তানটি তেঁওৰ পত্নীৰ লগত প্ৰায়েই কাজিয়াত লিপ্ত হৈছিল আৰু অৱশেষত পিন্টুৱে হত্যা কৰিলে দহমহীয়া সন্তানটিক। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী পিতৃ পিন্টু কৰ্মকাৰক গ্ৰেপ্তাৰ কৰিছে ৷
Also Read: এন ই এ আই ডিৰ উদ্যোগত মৰিগাঁৱৰ প্ৰধান শিক্ষকসকলৰ "ক্ষুদ্ৰ উন্নয়ন কাৰ্যসূচী"...