ঢকুৱাখনাৰ দুই চহা সংগীত সাধকলৈ ৰাজ্য চৰকাৰৰ বাৰ্ষিক শিল্পী সন্মান

ঢকুৱাখনাৰ দুই চহা সংগীত সাধকলৈ ৰাজ্য চৰকাৰৰ বাৰ্ষিক শিল্পী সন্মান
ঢকুৱাখনাৰ দুই চহা সংগীত সাধকলৈ ৰাজ্য চৰকাৰৰ বাৰ্ষিক শিল্পী সন্মান

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ দুই প্ৰচাৰ বিমুখ, চহা নীৰৱ সাংস্কৃতিক সাধক। স্বগোষ্ঠীয় লোক সংগীতৰ চৰ্চা আৰু প্ৰচাৰৰ ক্ষেত্ৰত মেটমৰা অৱদান আগবঢ়াই যোৱা এই দুই মিচিং লোক সংগীত সাধক ক্ৰমে সোৱণশিৰী পঞ্চায়তৰ ৫নং ৱাৰ্ডৰ বগুম গাঁৱৰ ৰত্নেশ্বৰ কুলি (৮০) আৰু বিলমুখ পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ লামুচুক সৰিয়নি গাঁৱৰ বলীন কুম্বাং(৭২)।

মিচিং জনগোষ্ঠীয় লোক সংগীতৰ নিৰলস চৰ্চাৰে উদ্ভাসিত এই দুই লোক শিল্পীলৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে ২০২২-২০২৩ বর্ষৰ শিল্পী সন্মান । লখিমপুৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এই দুগৰাকী লোক সংস্কৃতিৰ সাধকৰ অন্যতম ৰত্নেশ্বৰ কুলিয়ে জনোৱা মতে ১৯৫৭ চনৰ পৰাই মিচিং লোক সংগীতৰ নিৰৱচ্ছিন্ন চর্চা কৰি পৰৱৰ্তী সময়ত আকাশবাণী  ডিব্ৰুগড় কেন্দ্ৰৰ নিয়মীয়া মিচিং লোক সংগীতৰ গায়ক হিচাবে স্বীকৃতি অর্জনেৰে স্বগোষ্ঠীয় গীত পৰিবেশন কৰি আহিছিল।

বাৰ্ধক্যৰ হেঁচাত ২০১৭ চনৰ পৰা এই চৰ্চা স্তিমিত হয় যদিও কুলিয়ে পত্নী কুলনদৈ কুলি আৰু পুত্ৰ, কন্যাৰ সহযোগিতাত স্থানীয়ভাৱে মিচিং লোক গীত আৰু অসমীয়া হৰিনামৰ চর্চা অব্যাহত ৰাখিছে। তদ্রুপ ভাবে অন্যগৰাকী সন্মান প্ৰাপক বলীন কুম্বাংয়েও পত্নী মেননং কুলি আৰু আত্মীয় স্বজনৰ সহযোগত বাৰ্ধক্যকো উপেক্ষা কৰি জনগোষ্ঠীয় লোক সংগীতৰ লগতে ধৰ্মীয় গীত মাতৰ চৰ্চাৰে আজিও  নিজৰ শিল্পী সত্তাক উজ্জীৱিত কৰি আহিছে।

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ উদ্যোগত আগবঢ়োৱা এই সন্মান লাভ কৰি উৎসাহিত যদিও  দুই লোক সংগীত শিল্পীৰ হেঁপাহ আছিল ৰাজ্য চৰকাৰৰ নিয়মীয়া শিল্পী পেঞ্চন লাভৰ। দৰিদ্ৰতাই কোঙা কৰা এই দুই সন্মান প্ৰাপকে ক্ষোভেৰে জনোৱা মতে বিগত সুদীর্ঘ কাল স্বজাতিৰ লোক সংগীতৰ প্ৰচাৰ প্ৰসাৰত আত্মনিয়োগ কৰি বাৰ্ধক্যই কোঙা কৰা সময়ত ব্যাপক আৰ্থিক অভাৱত জুৰুলা হ'বলগীয়া হৈছে।

ৰাজ্য চৰকাৰৰ এনে স্বীকৃতিয়ে সাময়িক সকাহহে দিব বুলি কৈ পৰৱৰ্তী সময়ত চৰকাৰৰ যথোচিত গুৰুত্ব আন্তৰিকতাৰে কামনা কৰে । তাৰোপৰি "অসমীয়া প্ৰতিদিন ডিজিটেল"ক সন্মান প্ৰাপক দুয়োগৰাকী শিল্পীয়ে অদ্যপি চৰকাৰী ভাবে এই মহান ৰাজ্যিক স্বীকৃতিৰ আনুষ্ঠানিক সংবাদ লাভ নকৰা বুলিও ক্ষোভেৰে জানিবলৈ দিলে।

লোক কৃষ্টি আৰু সংস্কৃতিৰ উৰ্বৰা ভূমি ঢকুৱাখনাৰ এই দুই বৰ্ষীয়ান চহাই নিজস্ব সাধনাৰে এই ৰাজ্যিক সন্মান আজুৰি আনিবলৈ সক্ষম হোৱাত স্বাভাৱিকতে সন্তুষ্টিৰ বন্যা বৈছে দুই লোক সাধকৰ গৃহভূমিৰ লগতে ঢকুৱাখনা মহকুমাত । মিচিং জাতিয় সংগঠন টাকাম মিচিং পৰিন কৌবাংৰ কেন্দ্ৰীয় নেতা খনীন্দ্ৰ মেদক , যতীন পেগু, ঢকুৱাখনা জিলা সমিতিৰ সভাপতি অমৰজিত দলে , সঞ্জীৱ দলে , মিচিং মিমাগ কৌবাংৰ জিলা সভাপতি দ্বীপেন দলে আদিয়ে এই দুই নীৰৱ সাংস্কৃতিক সাধকলৈ অভিনন্দন জ্ঞাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in