/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d6fb6baa-b20b-433a-9d14-430d512c668f/5.jpg)
ডিজিটেল সংবাদ,শিলচৰ: ২০২৫ চনৰ ভিতৰত শিলচৰত নিৰ্মীয়মান মিনি সচিবালয়ৰ কাম সম্পূৰ্ণ হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।সেয়ে মিনি সচিবালয়ৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে শুকুৰবাৰে মিনি সচিবালয় পৰিদৰ্শন কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী তথা কাছাৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/8b409105-af81-4f02-ac95-25a89ff4ca65/ce43077b-a76f-476b-a3b0-8361a4bb674e.jpg)
বৰাকৰ শেহতীয়া বান পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ ৩ দিনীয়া ভ্ৰমণসূচী লৈ বৃহস্পতিবাৰে শিলচৰত উপস্থিত হোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শুকুৰবাৰে শিলচৰৰ শ্ৰীকোণাত নিৰ্মীয়মান মিনি সচিবালয় পৰিদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b34ad334-829d-44ca-86fb-4523ce5c6d43/0b99a222-f3df-48f6-96ae-68b49941296c.jpg)
কামৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰী গৰাকীয়ে ২০২৫ চনৰ ১৫ আগষ্টৰ পূৰ্বে সচিবালয়ৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ আৰু লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে।
Also Read: লংকাত পৌৰসভাৰ উচ্ছেদ অভিযান