উদুলি-মুদুলি ভোটাইগাঁৱৰ পদুলিঃ জ্যোতি লাইব্ৰেৰী আৰু তৰুণ সংঘৰ হীৰক জয়ন্তী উৎসৱৰ আৰম্ভণি

উদুলি-মুদুলি ভোটাইগাঁৱৰ পদুলিঃ জ্যোতি লাইব্ৰেৰী আৰু তৰুণ সংঘৰ হীৰক জয়ন্তী উৎসৱৰ আৰম্ভণি

author-image
Asomiya Pratidin
New Update
উদুলি-মুদুলি ভোটাইগাঁৱৰ পদুলিঃ জ্যোতি লাইব্ৰেৰী আৰু তৰুণ সংঘৰ হীৰক জয়ন্তী উৎসৱৰ আৰম্ভণি

ডিজিটেল সংবাদ,নগাঁওঃ আজিৰে পৰা নগাঁও জিলাৰ ভোটাইগাঁৱৰ খেলপথাৰত জ্যোতি লাইব্ৰেৰী আৰু তৰুণ সংঘৰ হীৰক জয়ন্তী উৎসৱৰ বৰ্ষজোৰা কাৰ্যসূচী আৰম্ভ হয়। এই অনুষ্ঠান উপলক্ষ্যে আজি বিয়লি মুকলি বিহু উদ্বোধন কৰে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড৹ মিলন নেওগে।আজি জ্যোতি লাইব্ৰেৰীৰ জ্যেষ্ঠ সদস্যসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Advertisment

১৯৪৯ চনত অঞ্চলটোৰ একাংশ দূৰদৰ্শী লোকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল অনুষ্ঠানটিয়ে।সেয়ে আজিৰ অনুষ্ঠানত জ্যোতি লাইব্ৰেৰীৰ সভাপতি অশোক কুমাৰ বৰা,সম্পাদক বিপুল চন্দ্ৰ বৰা,হীৰক জয়ন্তী উৎসৱৰ সভাপতি জয়ন্ত কুমাৰ বৰাৰ লগতে সমূহ বিষয়ববীয়া উপস্থিত থকা এই অনুষ্ঠানটিতে নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ক্ৰমে কনক হাজৰিকা,মুনীন্দ্ৰ শইকীয়া, জ্যোতিপ্ৰসাদ বৰা,বীৰেন বৰা,নাট্যকৰ্মী শোণিত বৰা,অৱসৰপ্ৰাপ্ত কৃষি বিষয়া অশোক খাউণ্ড,নগাঁও অনাতাঁৰ কেন্দ্ৰৰ ঘোষক বিশ্বজিৎ কাকতি আদিকে ধৰি বহু কেইগৰাকী লোকক আদৰণি জনোৱা হয়।

বিহু সুৰক্ষা সমিতিৰ বিষয়া ধৰ্মেশ্বৰ হাজৰিকাই আঁতধৰা অনুষ্ঠানটিত ছটাকৈ বিহু দলে মুকলি বিহু প্ৰদৰ্শন কৰে। ইপিনে হীৰক জয়ন্তীৰ এই অনুষ্ঠানটিৰ সৈতে সংগতি ৰাখি লাইব্ৰেৰীৰ চৌহদত ৭৫ গছি বন্তি প্ৰজ্বলন কৰে।

Also Read: জামুগুৰিহাটত মগৰ সংঘৰ সৌজন্যত সম্বৰ্ধনা অনুষ্ঠান..

nagaon rongali bihu