জামুগুৰিহাটত মগৰ সংঘৰ সৌজন্যত সম্বৰ্ধনা অনুষ্ঠান..

জামুগুৰিহাটত মগৰ সংঘৰ সৌজন্যত সম্বৰ্ধনা অনুষ্ঠান..

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত মগৰ সংঘৰ সৌজন্যত সম্বৰ্ধনা অনুষ্ঠান..

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ বৰমতা গাঁৱত মগৰ সংঘৰ বৰমতা বগাবিল শাখা সমিতিৰ উদ্যোগত বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।বৰমতা বগাবিল শাখাৰ সমিতিৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত সম্বৰ্ধনা অনুষ্ঠানটিত সংঘৰ সভাপতি ৰাম কুমাৰ থাপাই সভাপতিত্ব কৰে৷

Advertisment

উপদেষ্টা দেৱ থাপাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক তথা সাহিত্য একাডেমীৰ অনুবাদ সাহিত্য বঁটা প্ৰাপক ছত্ৰমান চুব্বাক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ১২ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন পত্ৰ প্ৰদান কৰি একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানটিত বিশিষ্ট ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি দীপক চুব্বা, শোণিতপুৰ জিলা নেপালী সাহিত্য সভাৰ সভাপতি অনিল গৌতম,দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰলাল শৰ্মা আৰু গাঁও প্ৰধান পুনম মগৰৰ লগতে গণ্যমান্য ব্যক্তিসকল। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ছাত্ৰ- ছাত্ৰী আৰু যুৱতী সকলে গোৰ্খা গীত-নৃত্য আদি পৰিবেশন কৰি ৰাইজৰ মন আপ্লুত কৰে৷

Also Read: অদমনীয় ছানৰাইজাৰ্ছ হায়দৰাবাদ : পাঞ্জাৱ কিংছক পৰাস্ত কৰি প্লে-অফৰ বাবে সাজু

jamugurihat news student feliciation