মাজুলীৰ উদাসীন সত্ৰসমূহত উৰালৰ গোমগোমনিঃ ভোগালীক আদৰিবলৈ চিৰা- পিঠাগুৰি খুন্দাত ব্যস্ত ভকত-বৈষ্ণৱ...

মাজুলীৰ উদাসীন সত্ৰসমূহত উৰালৰ গোমগোমনিঃ ভোগালীক আদৰিবলৈ চিৰা- পিঠাগুৰি খুন্দাত ব্যস্ত ভকত-বৈষ্ণৱ...

author-image
Asomiya Pratidin
New Update
মাজুলীৰ উদাসীন সত্ৰসমূহত উৰালৰ গোমগোমনিঃ ভোগালীক আদৰিবলৈ চিৰা- পিঠাগুৰি খুন্দাত ব্যস্ত ভকত-বৈষ্ণৱ...

মাজুলীৰ উদাসীন সত্ৰসমূহত উৰালৰ গোমগোমনিঃ ভোগালীক আদৰিবলৈ চিৰা- পিঠাগুৰি খুন্দাত ব্যস্ত ভকত-বৈষ্ণৱ...

ডিজিটেল সংবাদ মাজুলীঃ ভোগালী বিহু অতি পুৰনি, জীৱন শক্তিৰ বৰ্ধক আৰু পবিত্ৰ। গুৰু দুজনাৰ সমন্বয় অসমত অসমীয়া ই উলহ মালহেৰে পৰম্পৰাগত ভাবে পালন কৰি আহিছে বিহু।

Advertisment

উদাসীন সত্ৰ সমূহতো বৈষ্ণৱসকলে পৰম্পৰা ঐতিহ্য ৰক্ষা কৰি সত্ৰৰ প্ৰতিষ্ঠাৰে পৰা পালন কৰি আহিছে ভোগালী বিহু। ঐক্য সম্প্ৰীতিৰ এনাজৰী গঢ়ি অসূয়া অপ্ৰীতি বিনাশৰ লগতে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ অৰ্থে আধ্যাত্মিক আৰু ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা ভোগালী বিহুৰ প্ৰস্তুতি মাজুলীৰ ৬ খন উদাসীন সত্ৰত।

মাজুলীত ঐতিহাসিক আউনীআটী সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ, নতুন কমলাবাৰী সত্ৰ, মধ্য কমলাবাৰী , ভোগপুৰ সত্ৰ, দক্ষিনপাট আদি ৬ খন সত্ৰত প্ৰায় ৮ শতাধিক বৈষ্ণৱ আছে। উৰুকাৰ নিশা গাঁৱে, ভূঞে ভেলাঘৰ সাজি ভোজ ভাত খোৱাৰ সকলোৱে প্ৰস্তুতি চলোৱাৰ বিপৰীতে মাজুলীৰ উদাসীন বৈষ্ণৱসকলে নিৰ্দিষ্ট এক গণ্ডিৰ মাজত ধৰ্মীয় পৰম্পৰা ৰীতি নীতিৰে বিহু পালন কৰে।

গৃহস্থী পৰিয়ালৰ দৰেই ঢেঁকীৰ পৰিৱৰ্তে উৰাালত চিৰা পিঠা খুন্দি অতিথি আপ্যায়ন কৰিবলৈ ব্যাপক আয়োজন কৰিছে। ভোগৰ সামগ্ৰী সাজু কৰিছে বৈষ্ণৱ সকলে। উত্তৰ কমলাবাৰী সত্ৰ নতুন কমলাবাৰী সত্ৰ ভোগপুৰ সত্ৰৰ বৈষ্ণৱসকলে কালিৰে পৰা আৰম্ভ কৰিছে উৰালত চিৰা খুন্দা কাম।

চকোৱা ,তৰাৱলী ,আমপাখী, জহা মালভোগ ধানৰ চিৰা উকৃষ্ট আৰু সুস্বাদু। সেয়েহে তিয়াই তিনি ৰাতি ৰাখি ৪/৫ জন বৈষ্ণৱ একত্ৰিত হৈ চিৰা খুন্দিছে উৰালত। সত্ৰৰ পৰম্পৰা অনুসৰি ঢেঁকীৰ পৰিৱৰ্তে উৰাল ব্যৱহাৰ হয়।

অকল চিৰায়েই নহয় বৰাধানৰ পৰা চাউল উলিয়াই পিঠাগুৰি খুন্দা, মুড়ি ভজা,কোমল ধান বঢ়াই ৰদাই কোমল চাউল তৈয়াৰ কৰা, বিবিধ ধৰনৰ পিঠা বনোৱা আদি কামবোৰ এগৰাকী পাকৈত গৃহিনীৰ দৰে নিজে নিজে কৰে বৈষ্ণৱসকলে। সত্ৰৰ সেৱক,শিষ্য প্ৰশিষ্যসকল বিহুত সত্ৰলৈ যায় আৰু তেওলোকক আপ্যায়ন কৰে।

মেজি সাজি ডেকা বৈষ্ণৱসকলে পৰম্পৰা ৰক্ষা কৰি মেজি জুই দিয়াৰ লগতে বিহুত নামপ্ৰসংগ গায়ন বায়ন, বহাসেৱা নামসেৱা সত্ৰাধিকাৰ অধ্যাপকসকলক সেৱা, বয়োজ্যেষ্ঠ জনক সেৱা আদি কাৰ্যসূচী ৰূপায়ন কৰিব। সত্ৰ প্ৰতিষ্ঠা কালৰে পৰা নিভাঁজ ভাৱে চলি আহিছে যোৱা ৫ শ বছৰে।

ক্লিক কৰি পঢ়কঃ “ক্ষতিপূৰণ প্ৰদান কৰক অন্যথা আমাক মাৰি পেলাওক"

মাজুলী উদাসীন সত্ৰ