নয়দাত ভাষা গৌৰৱ সপ্তাহঃ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন এ.পি .ডব্লিউ.এ ৰ...

নয়দাত ভাষা গৌৰৱ সপ্তাহঃ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন এ.পি .ডব্লিউ.এ ৰ...

author-image
Asomiya Pratidin
New Update
নয়দাত ভাষা গৌৰৱ সপ্তাহঃ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন এ.পি .ডব্লিউ.এ ৰ...

ডিজিটেল ডেস্কঃ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি প্ৰদান কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আছাম পিপ'লচ ৱেলফেয়াৰ এচোচিয়েচন (এ.পি .ডব্লিউ.এ)। শনিবাৰে নয়দা হাটত ভাষা গৌৰৱ সপ্তাহ আয়োজন কৰি অসমীয়া ভাষা আৰু তাৰ ঐতিহ্যক এই অপূৰ্ব মান্যতা প্ৰদান কৰাটো প্ৰতিজন অসমীয়াৰ বাবে গৌৰৱৰ কথা বুলি সংস্থাটোৱে উল্লেখ কৰে।

Advertisment

অসমীয়া ভাষা আৰু সাহিত্যই ভাৰতৰ ভাষাগত বৈচিত্ৰ্যৰ গাঁথাত এক বিশেষ স্থান দখল কৰি আহিছে বুলি কয় এ.পি .ডব্লিউ.এ য়ে। সহস্ৰাধিক বছৰ ধৰি সাহিত্য, লোক সাহিত্য আৰু সাংস্কৃতিক চিন্তাৰ এক বিশেষ গাঁথনি ৰূপে প্ৰাণ পাই থকা অসমীয়া ভাষাই এতিয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতিত এক নতুন দিশৰ সূচনা কৰিছে।

ইয়াৰ দ্বাৰা, নতুন প্ৰজন্মৰ ভাষাটোৰ ওপৰত অধিক আস্থা আৰু আদৰ বাঢ়িব লগতে ভাষাটোৰ সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অধিক উৎসাহ লাভ কৰিব বুলি সংস্থাটোৱে উল্লেখ কৰে।

শনিবাৰে অনুষ্ঠিত আলোচনা সভাৰ লগত সংগতি ৰাখি সংস্থাটোৱে এখন পত্ৰিকাও প্ৰকাশ কৰে।

  User
User

অসমৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমীয়া সংস্কৃতিৰ অনন্য পৰিচয় উত্থাপনৰ দিশত প্ৰধানমন্ত্ৰী মোডীৰ গভীৰ দায়বদ্ধতা আৰু অসাধাৰণ অৱদানৰ বাবে বৃহত্তৰ নয়দাস্থিত অসমীয়া সমাজে প্ৰধানমন্ত্ৰীলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে।

এই স্বীকৃতিয়ে সমগ্ৰ ভাৰতৰ ভাষা সমূহৰ মাজত অসমীয়া ভাষাক মান্যতাৰ স্থান প্ৰদান কৰা লগতে দেশৰ মাজত সংস্কৃতিৰ বিনিময় আৰু চেনেহৰ বন্ধন অধিক শক্তিশালী কৰি তুলিব বুলি সংস্থাটোৱে উল্লেখ কৰে।

Also Read: অসমলৈ আহিব 'নাক'ৰ সঞ্চালক ড০ গণেশন কান্নাবিৰণ

bhasa gaurav saptah NOIDA