নগাঁও চহৰত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা...

যাত্ৰাত অংশগ্ৰহন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতাসকলকে ধৰি দলীয় কৰ্মীসকলে

author-image
Asomiya Pratidin
New Update
নগাঁও চহৰত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা...

নগাঁও চহৰত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

ডিজিটেল সংবাদ,নগাঁওঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অব্যহত আছে ভাৰত জোড়ো যাত্ৰা। দেশৰ ভিন্ন প্ৰান্তত কংগ্ৰেছৰ নেতা-কৰ্মীয়ে অংশগ্ৰহন কৰিছে এই যাত্ৰাত।

Advertisment

অসমতো ইয়াৰ প্ৰভাৱ বাৰুকৈ পৰিছে। নগাঁৱৰ লক্ষীনগৰ চাৰিআলিৰ পৰা দলীয় কৰ্মী সকলে বিয়লি আৰম্ভ কৰে ভাৰত জোড়ো যাত্ৰা। এই যাত্ৰাত অংশগ্ৰহন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতাসকলকে ধৰি দলীয় কৰ্মীসকলে।

নগাঁও সদৰ আৰু বঢ়মপুৰ বিধানসভা সমষ্টি পৰিভ্ৰমণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুত বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। আনহাতে নগাঁও অমৃত কাননত শ্ৰদ্ধা তৰ্পণ কৰি লক্ষীনগৰৰ দুৰ্গা মন্দিৰত সেৱা জনাই যাত্ৰা আৰম্ভ পদযাত্ৰত অংশ লৈছে সহস্ৰাধিক দলীয় নেতা-কৰ্মীয়ে ।

আৰু পঢ়কঃ অথলে গ'ল ধাৱন-শুভমন-শ্ৰেয়াসৰ অৰ্ধশতকঃনিউজিলেণ্ডৰ হাতত পৰাস্ত ভাৰত...

bharat jodo yatra assam congress nagaon assam