অথলে গ'ল ধাৱন-শুভমন-শ্ৰেয়াসৰ অৰ্ধশতকঃনিউজিলেণ্ডৰ হাতত পৰাস্ত ভাৰত...

শতক বঞ্চিত অধিনায়ক কেন উইলিয়ামচন,লাথমৰ শতকৰে নিউজিলেণ্ডৰ জয়লাভ

author-image
Asomiya Pratidin
New Update
অথলে গ'ল ধাৱন-শুভমন-শ্ৰেয়াসৰ অৰ্ধশতকঃনিউজিলেণ্ডৰ হাতত পৰাস্ত ভাৰত...

নিউজিলেণ্ডৰ হাতত পৰাস্ত ভাৰত

ডিজিটেল ডেস্কঃ অথলে গ'ল ধাৱন-শুভমন-শ্ৰেয়াসৰ অৰ্ধশতক। নিউজিলেণ্ডত অনুষ্ঠিত ভাৰত-নিউজিলেণ্ডৰ দ্বি-পাক্ষিক শৃংখলাৰ প্ৰথমখন এদিনীয়া মেচত ঘৰুৱা দলটোৰ হাতত পৰাস্ত শিখৰ ধাৱন নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দল।

Advertisment

টছত জয়ী হৈ ঘৰুৱা দলটোৱে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত উইলিয়ামচন নেতৃত্বাধীন কিৱি বাহিনীক জয়ৰ বাবে ৩০৭ ৰানৰ লক্ষ্য বান্ধি দিয়ে। ভাৰতৰ অধিনায়ক শিখৰ ধাৱন,অপেনিং বেটছমেন শুভমন গীল আৰু নিৰ্ভৰযোগ্য বেটছমেন শ্ৰেয়াস আয়াৰে অৰ্ধশতক অৰ্জন কৰে।

ভাৰতে বান্ধি দিয়া লক্ষ্য অনুসৰণ কৰি ঘৰুৱা দলটোৱে প্ৰথমাৱস্থাত বেকফুটত পৰে যদিও অধিনায়ক উলিয়ামচনৰ দৃঢ়তা পূৰ্ণ বেটিং আৰু উইকেট কীপাৰ বেটছমেন টম লাথামৰ শতকৰ সহায়ত জয়ৰ লক্ষ্যত উপনীত হয়। অধিনায়ক উলিয়ামচনে ৯৪ ৰানৰ অপৰাজিত ইনিংছেৰে দলৰ জয়ত উল্লেখযোগ্য ভূমিকা পালন কৰে।

আৰু পঢ়কঃ সমকামী বিবাহক আইনী স্বীকৃতি প্ৰদান কৰা হ'ব নে নহয়? উচ্চতম ন্যায়ালয়ে ক'লে...

bcci india ind vs nz