বিজেপি শাসিত মধ্যপ্ৰদেশত উপস্থিত কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা', জনতাৰ সমৰ্থন...

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা অব্যাহত আছে। ৰাহুল গান্ধীয়ে নেতৃত্ব দিয়া যাত্ৰাত বহু জ্যেষ্ঠ কংগ্ৰেছ নেতাইও অংশ গ্ৰহণ কৰিছে।

author-image
Asomiya Pratidin
New Update
বিজেপি শাসিত মধ্যপ্ৰদেশত উপস্থিত কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা', জনতাৰ সমৰ্থন...

ডিজিটেল ডেস্ক: কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা অব্যাহত আছে। ৰাহুল গান্ধীয়ে নেতৃত্ব দিয়া যাত্ৰাত বহু জ্যেষ্ঠ কংগ্ৰেছ নেতাইও অংশ গ্ৰহণ কৰিছে। মধ্যপ্ৰদেশত ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীৰ সৈতে দেখা গৈছে প্ৰিয়ংকা গান্ধীকো।

Advertisment

এই যাত্ৰা মহাৰাষ্ট্ৰৰ পৰা আৰম্ভ হৈছিল আৰু বৰ্তমান মধ্য প্ৰদেশত উপস্থিত হৈছে। গান্ধী পৰিয়ালৰ নেতৃত্বত কংগ্ৰেছ সমৰ্থক সকলে খাণ্ডৱাৰ বৰগাওঁৰ পৰা পদযাত্ৰা আৰম্ভ কৰে। ৰাহুল আৰু প্ৰিয়ংকাই খাৰগোনলৈ যোৱাৰ আগতে স্বাধীনতা সংগ্ৰামী আৰু জনজাতীয় আইকন তাণ্টিয়া ভিলৰ জন্মস্থান ভ্ৰমণ কৰিব।

বৃহস্পতিবাৰে মধ্য প্ৰদেশত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় দিন। প্ৰিয়ংকা গান্ধীয়েও খাণ্ডৱাৰ পৰা আৰম্ভ কৰি এই যাত্ৰাত যোগদান কৰিছে। ৰবাৰ্ট ভদ্ৰাও প্ৰিয়ংকাৰ সৈতে আছে। তদুপৰি অন্য বহু জ্যেষ্ঠ কংগ্ৰেছ নেতাও এই যাত্ৰাত অংশগ্ৰহণ কৰিছে।

আজি এই যাত্ৰা ২৩ কিলোমিটাৰ চলিব। ৰাহুল গান্ধীয়ে ইয়াৰ মাজতে ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব। ১২ দিনৰ পাছত এই যাত্ৰা ৰাজস্থানত উপস্থিত হ'ব।

উল্লেখ্য যে, বিজেপি শাসিত মধ্যপ্ৰদেশত কংগ্ৰেছৰ এই যাত্ৰা বিশেষ চৰ্চাত আছে। জনতাৰো সমৰ্থন দেখা গৈছে ইয়াৰ প্ৰতি। বিজেপি শাসিত এলেকাত ৰাহুলৰ এই যাত্ৰাই কিবা প্ৰভাৱ পেলাব পাৰিবনে নাই সেয়া হ'ব লক্ষণীয়।

আৰু পঢ়ক: লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ...

rahul gandhi congress priyanka gandhi