লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ...

লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ...

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত বুধবাৰে বকো থানাৰ উদ্যোগত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপন কৰে । সেই উপলক্ষে প্ৰথমতে ৰাতিপুৱা এক বিশাল শোভাযাত্ৰা উলিয়াই । ইয়াৰ পিচতে বকো হাইস্কুলৰ খেলপথাৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰে । আলোচনা চক্ৰত অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ ড৹ গণেশ্বৰ চহৰীয়াই বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ বিষয়ে বাখ্যা কৰাৰ উপৰিও কেনেধৰণে মোগলক পৰাভূত কৰিবলৈ সক্ষম হৈছিল সেই বিষয়ে বাখ্যা কৰে ।

শিক্ষাবিদগৰাকীয়ে লাচিত বৰফুকনে মোগলক ভেটা দিবলৈ স্থল আৰু জলপথৰে যুঁজ কৰাৰ আঁৰত যে অসমীয়া সেনা স্থল আৰু জলপথৰে যুঁজ কৰা কৌশলত পাকৈত সেই কথা বুদ্ধিমান বীৰগৰাকীয়ে বুজি পাইছিল সেই সম্পৰ্কেও ভাষণত শিক্ষাবিদগৰাকীয়ে বহলাই কয় । ভাষণত অইন এক প্ৰসঙ্গ টানি আনি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা গীতসমূহ বীৰ লাচিত বৰফুকনৰ বীৰত্বত উদ্বুদ্ধ হৈয়ে ৰচনা কৰিছিল সেই কথা প্ৰতিফলন হয় বুলি তাৎপৰ্যপূৰ্ণ ভাবে কয় । মহাবীৰ লাচিত বৰফুকনৰ লগতে বীৰাংগনা কনকলতা, মূলাগাভৰু, অসম জীয়ৰী অমৃত প্ৰভাৰ জন্ম জয়ন্তী উদযাপন কৰাৰো প্ৰয়োজন বুলি তেওঁ আলোচনাত উল্লেখ কৰে ।

আলোচনা চক্ৰত বকো ৰাজহ চক্ৰ বিষয়া দিৱস বৰদলৈ, বকো খণ্ড উন্নয়ন বিষয়া অৰ্ণৱ কুমাৰ বৰুৱা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভাকে ধৰি বহু কেইগৰাকী বক্তাই বীৰ লাচিত বৰফুকনৰ শৌৰ্য্য, বীৰ্য্যৰ বিষয়ে আলোকপাত কৰে । মহাবীৰ লাচিত বৰফুকন অসমীয়াৰ স্বাভিমান বুলি নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভাই উল্লেখকৰি কেৱল ২৪ নৱেম্বৰৰ দিনটোত জন্মজয়ন্তী উদযাপন কৰিয়ে দায়িত্ব সামৰিলে নহ'ব বুলি কয় । সাধাৰণ সম্পাদকগৰাকীয়ে বুৰঞ্জীত উল্লেখ থকা বীৰ লাচিত বৰফুকন যুঁজাৰু হোৱাৰ উপৰিও শৈক্ষিক, ৰাজনৈতিক ভাবে কিমান বিচক্ষণ আছিল সেয়া বাখ্যা কৰি মহাবীৰ লাচিত বৰফুকনৰ স্বাভিমান ৰক্ষা কৰিবলৈ হ'লে-- অসমত সিচঁৰিত হৈ থকা জাতি-জনগোষ্ঠীবোৰ উজ্জ্বলি উঠিব লাগিব বুলিও কয় । আলোচনা চক্ৰৰ শেষত যোৱা ২০ নৱেম্বৰত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি পুৰস্কাৰ লাভ সকলোৰ মাজত পুৰস্কাৰ বিতৰণ কৰে ।

পুৰস্কাৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকল হ'ল ক্ৰমে - 'ক' শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে প্ৰীতম দাস (এচটি লুইচ স্কুল), দ্বিতীয় এঞ্জেলিনা বড়ো ( টুৰকপাৰা প্ৰাথমিক বিদ্যালয় ), তৃতীয় দীক্ষিত কলিতা (ডনবস্ক' উচ্চতৰ মাধ্যমিক বিদ্যালয় ), 'খ' শাখাত প্ৰথম পুৰস্কাৰ মৌচুমী বড়ো (ডনবস্ক' উচ্চতৰ মাধ্যমিক বিদ্যালয়), দ্বিতীয় জ্যোতিৰাদিত্য ৰাভা ( বকো ডনবস্ক' উচ্চতৰ মাধ্যমিক বিদ্যালয়), তৃতীয় ভাৰ্তুজ বড়ো ( বকো ডনবস্ক' উচ্চতৰ মাধ্যমিক বিদ্যালয় ), ' গ ' শাখাত টিংকল থাপ্পা ( বকো হাইস্কুল ), দ্বিতীয় ৰাহুল পণ্ডিত (ইম্পোৰিয়েল কলেজ ) আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে কৃষামণি ৰাভা (ডনবস্ক' উচ্চতৰ মাধ্যমিক বিদ্যালয়)ই লাভ কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in