/asomiyapratidin/media/media_files/2025/07/09/new-bikhekh-protibedon-2-2025-07-09-08-57-30.jpg)
আজি সমগ্ৰ দেশতে সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে কেইবাটাও ট্ৰেড ইউনিয়নে। প্ৰায় ২৫ কোটি শ্ৰমিকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিব। ভাৰত বন্ধৰ ফলত দেশৰ ৰাজহুৱা সেৱাত ব্যাঘাত জন্মাৰ লগতে মানুহৰ চলাচল আৰু বেংকৰ কাম-কাজত যথেষ্ট প্ৰভাৱ পৰিব।এতিয়া প্ৰশ্ন উত্থাপন হয় যে এই প্ৰতিবাদৰ আঁৰৰ কাৰণ সমূহ কি? সবিশেষ পঢ়ক অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই প্ৰতিবেদনত...
আজি দেশৰ বেংকিং, ডাক সেৱা, নিৰ্মাণ,খনি আৰু পৰিবহণ আদি চৰকাৰী খণ্ডৰ ২৫ কোটিৰো অধিক কৰ্মচাৰীয়ে ধৰ্মঘটত বহাৰ সম্ভাৱনা আছে। চৰকাৰৰ শ্ৰম বিৰোধী, কৃষক বিৰোধী নীতিৰ প্ৰতিবাদত আজি বন্ধৰ ঘোষণা কৰিছে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু তেওঁলোকৰ সহযোগী সংস্থাসমূহৰ যৌথ মঞ্চই।
যাৰ ফলত সমগ্ৰ ভাৰততে পৰিবহণ, বেংক, ডাক সেৱাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সেৱা ব্যাহত হ’ব পাৰে। চিআইটিউ, আইএনটিউচি, এআইটিইউচি, ইউটিচি, এলপিএফ, এইচ এম এছ, টি ইউ চি চি, আন এন এল চি আদিকে ধৰি বহু সংগঠনে এই ধৰ্মঘটৰ আহ্বান জনাইছে। দেশৰ কেইবাটাও গণ সংগঠনেও ৯ জুলাইৰ ধৰ্মঘটৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে।
ট্ৰেড ইউনিয়নৰ যৌথ মঞ্চই জনাইছে যে সমগ্ৰ দেশৰ কমেও ২৫ কোটি লোকে এই ধৰ্মঘটত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ "শ্ৰমিক বিৰোধী, কৃষক বিৰোধী আৰু কৰ্পৰেট সমৰ্থক নীতি"ৰ বিৰোধিতা কৰিবলৈ এই বৃহৎ পৰিসৰৰ প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰা হৈছে। সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সাধাৰণ সম্পাদক অমৰজিৎ কৌৰে কয়, “শ্ৰমিকসকলৰ লগতে কৃষক আৰু গ্ৰাম্য শ্ৰমিকসকলেও এই প্ৰতিবাদত যোগদান কৰিব।”
ট্ৰেড ইউনিয়নে দাবী কৰে যে শ্ৰমমন্ত্ৰী মানসুখ মাণ্ডভীক ১৭ টা দাবীৰে স্মাৰক-পত্ৰ দাখিল কৰাৰ পিছতো কেন্দ্ৰই কাৰ্যতঃ সেইবোৰক আওকাণ কৰিছে। বিগত দশকত চৰকাৰে কোনো বাৰ্ষিক শ্ৰমিক সন্মিলন আহ্বান নকৰাৰ অভিযোগ কৰে সংগঠনসমূহে। এক যৌথ বিবৃতিত ইউনিয়নসমূহে কয়, "সংসদে গৃহীত কৰা চাৰিখন শ্ৰম আইনে শ্ৰমিকৰ অধিকাৰত হস্তক্ষেপ কৰিছে।
ধৰ্মঘটৰ অধিকাৰ কৰ্তন কৰা হৈছে, কৰ্মৰ সময় বৃদ্ধি কৰা হৈছে আৰু ট্ৰেড ইউনিয়নৰ আন্দোলন দুৰ্বল কৰিবলৈ চেষ্টা কৰা হৈছে।" ইয়াৰ উপৰি নিয়োগকৰ্তাসকলৰ সুবিধাৰ্থে চৰকাৰে ইএলআই আঁচনি প্ৰৱৰ্তন কৰা বুলিও অভিযোগ উত্থাপন হৈছে। বেংক আৰু বীমা খণ্ডৰ কৰ্মচাৰীসকলেও এই ধৰ্মঘটত যোগদান কৰিবলৈ ওলাইছে।
কেন্দ্ৰীয় চৰকাৰৰ কৰ্প’ৰেট-বন্ধুত্বপূৰ্ণ জনবিৰোধী নীতিৰ প্ৰতিবাদত এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি সদৌ ভাৰতীয় বীমা কৰ্মচাৰী সন্থাই প্ৰকাশ কৰে। বুধবাৰৰ এই ধৰ্মঘটত অংশগ্ৰহণ কৰিবলৈ ওলাইছে বেংকৰ কৰ্মচাৰীৰ সংগঠন আই বি ই এ, এ আই বি অ’ এ, বি এ এফ আই, এ আই আই ই এ, এ আই এল আই চি ই এফ আৰু এ আই এ ম এল আই ই এফ ( আই এন টি ইউ চি) আদিয়ে।
ইউনাইটেড কিষাণ মৰ্চা আৰু কৃষি শ্ৰমিক ইউনিয়নৰ যৌথ মঞ্চয়ো এই ধৰ্মঘটলৈ সমৰ্থন আগবঢ়াইছে। ইয়াৰ উপৰি দেশৰ শ্ৰমিক সংগঠনসমূহে ৯ জুলাইত আহ্বান কৰা এই দেশজোৰা সৰ্বাত্মক ধৰ্মঘটলৈ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটীয়েও পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু ধৰ্মঘট সফল কৰি তুলিবলৈ সকলো অংশৰ ৰাইজলৈ আহ্বান জনাইছে।
উল্লেখ্য যে এই ধৰ্মঘটলৈ আঞ্চলিক আৰু বাঁওপন্থী দলসমূহৰ যৌথ মঞ্চ অসম সন্মিলিত মঞ্চ (অসম)ই পূর্ণ সমর্থন আগবঢ়াইছে। কাকতলৈ প্ৰেৰণ কৰা এক যৌথ বিবৃতিত মঞ্চৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয় যে মোদীৰ ১১ বছৰীয়া শাসনকালত শ্ৰমিক শ্ৰেণীৰ দুৰ্দশাই চৰম সীমা স্পৰ্শ কৰিছে।
আনহাতে সাম্প্ৰদায়িক হিংসা, ঘৃণা বিয়পাই বিভাজনৰ ৰাজনীতিৰে সামাজিক অস্থিৰতা সৃষ্টিৰ চেষ্টা চলাইছে। নিবনুৱা সমস্যা, দাৰিদ্ৰ্য আৰু অসমতা সাংঘাতিকভাৱে বৃদ্ধি হোৱাৰ লগতে মজুৰি হ্ৰাস পাইছে আৰু অধিকাৰ আৰু সামাজিক সুৰক্ষা সম্পূৰ্ণৰূপে নাইকিয়া কৰা হৈছে। কৰ্প’ৰেট গোষ্ঠীয়ে শ্রমিকক সপ্তাহত ৭০ ৰ পৰা ৯০ ঘণ্টাৰ কামৰ দাবী কৰিছে।
আনহাতে, "ব্যৱসায় কৰাৰ সুবিধা"ৰ নামত দেশৰ সম্পদ লুটিবলৈ কৰ্প’ৰেটসকলক মুক্ত হস্তে অনুমতি দিয়া হৈছে। ৰাজহুৱা প্ৰতিষ্ঠানৰ অবাধ ব্যক্তিগতকৰণ, ব্যাপক মূল্য বৃদ্ধি হৈছে এই চৰকাৰৰ মূল কৃতিত্ব। জাগীৰোড কাগজ কলৰ ৫১৭ বিঘা মাটি বিঘাইপতি মাত্র ১ টকাকৈ টাটাক প্ৰদান কৰা হ'ল। এডভাণ্টেজ অসমৰ নামত থলুৱা ৰাইজৰ ভূমি আদানি, আম্বানি, ৰামদেৱক গ্ৰাস কৰাৰ ব্যৱস্থা কৰিছে।
এই ভূমি গ্ৰাস অভিযানত মুখ্যমন্ত্ৰী, জয়ন্ত মল্লবৰুৱাৰ পত্নী সকলো নামি পৰিছে। সাধাৰণ ভূমিহীন ৰাইজক নিৰ্দয়ভাবে উচ্ছেদ কৰা হৈছে। শ্ৰমিকসকলৰ কষ্টোপাৰ্জিত শ্ৰম আইনসমূহ বাতিল কৰি ৪ খন শ্ৰম সংহিতা প্ৰৱৰ্তন কৰি মোদী চৰকাৰে শ্ৰমিক শ্ৰেণীক কৰ্প’ৰেট শ্ৰেণীৰ দাসলৈ ৰূপান্তৰ কৰিব।
অ’পিএছ বাতিল কৰি এনপিএছ, ইউপিএছৰ সৈতে সলনি কৰা হৈছে। পিএফৰ পেঞ্চন আজিও নগণ্য। এএছএইচএ, অংগনৱাড়ী, এমডিএম আদি সেৱাৰ কৰ্মীসকলক "মজুৰি নোহোৱা বাধ্যতামূলক শ্ৰমিক" ত পৰিণত কৰা হৈছে। মটৰ শ্ৰমিককে ধৰি অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে ন্যূনতম অধিকাৰৰো ব্যৱস্থা কৰা নহ'ল।
শিক্ষা ক্ষেত্রকে ধৰি প্ৰতিটো ক্ষেত্ৰতে অস্থায়ী আৰু ঠিকাদাৰী শ্রমিক বৃদ্ধি পাইছে। মধ্যাহ্ন ভোজন আঁচনিৰ ১ লাখ ১৭ হাজাৰ কৰ্মীৰ চাকৰি নিয়মীয়া কৰাৰ সলনি অক্ষয় পাত্র নামৰ আৰএছএছৰ মতাদর্শৰে পৰিচালিত এনজিঅ’ক সমগ্র আঁচনি গতাই কৰ্মীসকলক কৰ্মহীন কৰিব বিচাৰিছে। অসমৰ চাহ শ্রমিকসকলৰ মজুৰি আজিলৈকে বৃদ্ধি কৰা নহ’ল।
বৰঞ্চ চাহ শ্রমিকসকলে লাভ কৰা চিকিৎসা, শিক্ষা আদিকে ধৰি নানা সুবিধাৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছে। ৰাজ্য চৰকাৰৰ বাগিচাত চলি থকা অচলাৱস্থা এতিয়া কেন্দ্রীয় চৰকাৰৰ বাগিচা এণ্ড্ৰুেৱেল কোম্পানিলৈ সম্প্ৰসাৰণ কৰা হৈছে।
বাগিচাসমূহ বিক্রী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এতিয়া চাহ বাগিচাৰ ৫ শতাংশ মাটিত পাম অইলৰ খেতি কৰি চাহ উদ্যোগ আৰু ইয়াৰ লগত জড়িতৰ জীৱন ধ্বংস কৰিব বিচৰা হৈছে। সেয়ে অসম সন্মিলিত মঞ্চই ধৰ্মঘটত ভাগ লবলৈ সকলোকে আহ্বান জনাইছে।