মুখ্যমন্ত্ৰীৰ ইংগিত! বিজেপিলৈ নৰহ দম্পত্তী...

মুখ্যমন্ত্ৰীৰ ইংগিত! বিজেপিলৈ নৰহ দম্পত্তী...

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীৰ ইংগিত! বিজেপিলৈ নৰহ দম্পত্তী...

ডিজিটেল ডেস্কঃ লখিমপুৰ লোকসভা সমষ্টিত পত্নীয়ে টিকটৰ পৰা বঞ্চিত হোৱাৰ পাছতে কংগ্ৰেছ দল ত্যাগ কৰিছে ভৰত নৰহে। মাত্ৰ এটা লাইনৰ পদত্যাগ পত্ৰ লিখি ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ প্ৰেৰণ কৰিছে নাওবৈছাৰ কংগ্ৰেছ বিধায়কগৰাকীয়ে।

বৰ্তমান দিল্লীতে বাহৰ পাতি থকা নৰহে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক সাক্ষাত কৰি অভিযোগ দিয়াৰ কথা ভাৱি আছে যদিও এতিয়ালৈকে সাক্ষাতৰ অনুমতি পোৱা নাই। সোমবাৰে বিয়লিভাগলৈ দিল্লীৰ পৰা গুৱাহাটী পাবহি পত্নী ৰাণী নৰহৰ সৈতে ভৰত চন্দ্ৰ নৰহ।

ভৰত নৰহে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰাৰ পাছতে এতিয়া চৰ্চা হৈছে এদিনৰ আগেয়ে মুখ্যমন্ত্ৰীয়ে দিয়া এটা ভাষ্য।  যোৱা দেওবাৰে ভৰত নৰহে অসম কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ পদ ত্যাগ কৰাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে- ভৰত নৰহে বিজেপিলৈ অহাৰ আধা ৰাস্তা মুকলি কৰিছে। যেতিয়া তেওঁ সম্পূৰ্ণ ৰাস্তা মুকলি কৰিব তেওঁৰ সৈতে কথা পাতিম।‘

দেওবাৰৰ মুখ্যমন্ত্ৰীৰ এই বক্তব্য এটা ৰাতিৰ পিছতে ভৰত নৰহে ত্যাগ কৰিলে কংগ্ৰেছ দল। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ এই সিদ্ধান্তৰ পাছতে এতিয়া চৰ্চা হৈছে যে, বিজেপি গমনৰ বাবেই ভৰত নৰহে সম্পূৰ্ণ ৰাস্তা ৰাতিটোৰ ভিতৰতে মুকলি কৰিলে।

অৱশ্যে এই বিষয়ক লৈ ভৰত নৰহে কোনো মন্তব্য প্ৰকাশ নাই। কিন্তু তীব্ৰ চৰ্চা চলিছে যে, সকলো ঠিকে ঠাকে থাকিলে অহা দুই এদিনতে নৰহ দম্পত্তীয়ে যোগদান কৰিব পাৰে বিজেপিত। অসম বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে ৰাষ্ট্ৰীয় কেইবাগৰাকী নেতাৰ সৈতেও এই সন্দৰ্ভত আলোচনা চলিছে বুলি জানিব পৰা গৈছে।

Also Read: লগ নিদিলে ভাগ্যই! নগাঁৱৰ ননৈত বিলাসী বাহন লৈ গৰু চুৰি কৰিবলৈ আহি দুৰ্ঘটনাতপতিত...

ভৰত নৰহ হিমন্ত বিশ্ব শৰ্মা ৰাণী নৰহ