লগ নিদিলে ভাগ্যই! নগাঁৱৰ ননৈত বিলাসী বাহন লৈ গৰু চুৰি কৰিবলৈ আহি দুৰ্ঘটনাতপতিত...

লগ নিদিলে ভাগ্যই! নগাঁৱৰ ননৈত বিলাসী বাহন লৈ গৰু চুৰি কৰিবলৈ আহি দুৰ্ঘটনাতপতিত...

author-image
Asomiya Pratidin
New Update
লগ নিদিলে ভাগ্যই! নগাঁৱৰ ননৈত বিলাসী বাহন লৈ গৰু চুৰি কৰিবলৈ আহি দুৰ্ঘটনাতপতিত...

ডিজিটেল ডেস্কঃ ৰাজ্যত শেহতীয়াকৈ গৰু চুৰিৰ ঘটনাই এক ডাঙৰ সমস্যাৰ ৰূপ লৈছে। নগাঁৱৰ বহুকেইটা অঞ্চলত গৰু চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ পাছতে দেওবাৰে নিশা নগাঁৱৰ ননৈ ঠেংকুছিত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। নিশাৰ ভাগত গৰু চোৰ কৰিবলৈ অহা দুখন বিলাসী বাহন দুৰ্ঘটনাত পতিত  হয়।

Advertisment

৬জনীয়া এটা চোৰৰ দলে গৰু চোৰ কৰিবলৈ আহি দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে ৪টা চোৰ পলায়ন কৰিবলৈ সক্ষম হয় যদিও দুটাক কৰায়ত্ত কৰে ৰাইজে। ধৃত গৰুচোৰ দুটা হৈছে সোণাইবালিৰ মুক্তাচ আলি আৰু জহিৰুল ইছলাম।

উল্লেখ কৰা প্ৰয়োজন যে, নগাঁৱৰ উৰিয়াগাঁৱৰ আশে-পাশে থকা অঞ্চলৰ পৰা বিগত দুটা মাহত প্ৰায় ৩০০গৰু চুৰি কৰিছে চোৰে। ৰাইজে প্ৰশাসন তথা চৰকাৰক এই চুৰি চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাগ্ৰহণৰ দাবী জনাইছে যদিও আজিকোপতি এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা নাই চৰকাৰে।  

Also Read: মেৰাপানীত মঘাই ওজা স্মৃতি দিৱস উদযাপন...

নগাঁৱৰ ননৈ