/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/34dc1388-5777-4621-a711-c29d68f2c10a/5.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে দেওবাৰে নিশা অভিযান চলাই ৫২১ কেজি ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। জানিব পৰামতে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে, লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱা আৰু ভৈৰৱকুণ্ডস্থ ২৩ নং বেটেলিয়নৰ এছ এছ বিৰ জোৱানসকলে যৌথ অভিযান চলায়।
এই অভিযানত অসম অৰুণাচল সীমান্তবৰ্তী এলেকাৰ নিজৰা চেন্টাৰৰ নিকটৱৰ্তী নিজৰা হাবিত অভিযান চলায় বৃহৎ পৰিমাণৰ ভাংখিনি জব্দ কৰিবলৈ সমৰ্থ হয়। মাজবাট আৰক্ষীয়ে হাবিৰ মাজত লুকুৱাই থোৱা অৱস্থাৰ পৰা ভাংখিনি জব্দ কৰে।
পাছত মাজবাট আৰক্ষীয়ে জব্দ কৰা ভাংখিনি মাজবাট থানালৈ লৈ আনে। এই সংক্রান্তত মাজবাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জনা যায়। জব্দ কৰা ভাংখিনিৰ আন্তর্জাতিক বজাৰ মূল্য প্ৰায় ৫১ লাখ লাখ ২০ হাজাৰ টকা মান হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবেই অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত নিয়মিত অভিযান চলাই ইতিমধ্যে বহু হাজাৰ কেজি ভাং জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষী বিষয়াগৰাকীৰ তীক্ষ্ণ হোৱাৰ বাবে মাজবাট অঞ্চলৰ সচেতন নাগৰিকে শলাগ লয়।
Also Read: নীট পৰীক্ষাত উজ্বলিল বঢ়মপুৰৰ মনীষ বৰবৰুৱা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us