নীট পৰীক্ষাত উজ্বলিল বঢ়মপুৰৰ মনীষ বৰবৰুৱা...

নীট পৰীক্ষাত উজ্বলিল  বঢ়মপুৰৰ মনীষ বৰবৰুৱা...

ডিজিটেল সংবাদ , বঢ়মপুৰঃ সদ্যঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাৰ ফলাফলত উজ্বলি উঠিছে নগাঁৱৰ বঢ়মপুৰৰ মনীষ বৰবৰুৱা। কৃতি ছাত্ৰ মনীষ বৰবৰুৱাই নীট পৰীক্ষাত মুঠ ৫৭৫ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

মেধাৱী ছাত্ৰ মনীষে নীট পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে দীৰ্ঘদিন ধৰি অধ্যয়ন কৰাৰ লগতে অ. এন.জি. চিৰ গোলাঘাটস্থিত "ছুপাৰ ৩০" নামৰ প্ৰতিষ্ঠানটোত অধ্যয়ন কৰি এই পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলিছিল। মনৰ দৃঢ়তা আৰু একাগ্ৰতাক মূলধন হিচাপে লৈ ব্যাপক প্ৰস্তুতিৰে প্ৰথম প্ৰচেষ্টাতেই এই বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱাত মনীষৰ পৰিয়ালৰ লগতে উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী।

মেধাবী ছাত্ৰজনৰ এই সফলতাত অঞ্চলটোৰ বিভিন্নজনে তেওঁক আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনাৰে আশীৰ্বাদ প্ৰদান কৰে। উল্লেখ্য যে , কৃতি ছাত্ৰ মনীষ বৰবৰুৱা বঢ়মপুৰ জিলা কুকুৰা পামৰ নিলগৰ নিবাসী শিক্ষক ললিত কুমাৰ বৰবৰুৱা আৰু শিক্ষয়ত্ৰী তুলিকা বৰবৰুৱাৰ জ্যেষ্ঠ পুত্ৰ ।

নীট পৰীক্ষাত উজ্বলিল  বঢ়মপুৰৰ মনীষ বৰবৰুৱা...
বিশ্বকাপৰ মহাযুদ্ধঃ শ্বাসৰুদ্ধকৰ মেচত টীম ইণ্ডিয়াৰ নাটকীয় জয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in