/asomiyapratidin/media/media_files/2025/03/16/4KDdClf3Jl9JgZ2PlRGn.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ দৌল যাত্ৰা মহোৎসৱ উপলক্ষে অসম জাতীয় পৰিষদৰ উদ্যোগত ভকত বৈষ্ণৱ, তীৰ্থযাত্ৰীসকলক অসমীয়া পৰম্পৰাগত খাদ্য মিঠৈ লাড়ু, তিল পিঠা, চাহেৰে আপ্যায়ন কৰা হৈছে। ঐতিহ্যমণ্ডিত আকাশীগংগাৰ তীৰত যোৱা ১৪ মাৰ্চৰ দৌল পূৰ্ণিমাৰ দিনাৰ পৰা চলি থকা এই "জাতীয় সেৱা শিবিৰ" শীৰ্ষক কাৰ্যসূচীত বটদ্ৰৱা থানলৈ আগমন ঘটা লক্ষ লক্ষ ভকত বৈষ্ণৱ, তীৰ্থযাত্ৰী সকলে লাড়ু, পিঠা, চাহ গ্ৰহণ কৰি কৃতাৰ্থ হৈ পৰিছে।
/asomiyapratidin/media/media_files/2025/03/16/pEDiRFsNbDZv8WZZIovI.jpg)
তিনি দিনে নিশাই চলি থকা এই ভকত আপ্যায়ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় - পবিত্ৰ দৌল উপলক্ষে বৰদোৱা থানৰ পবিত্ৰ ভূমিত উদযাপিত হোৱা পবিত্ৰ দৌল উৎসৱত আমাৰ দলে আৰম্ভ কৰা “জাতীয় সেৱা শিবিৰ”ত ভকত বৈঞ্চৱসকলক কিঞ্চিত সেৱা আগবঢ়োৱাৰ প্ৰয়াস কৰিছো। আজি মই আৰু মোৰ দলীয় সতীৰ্থসকলৰ লগত ভকত বৈঞ্চৱসকলক লাড়ু পিঠাসহ চাহ আগবঢ়াই আপ্যায়ন কৰাৰ সৌভাগ্য হ’ল।
জাতীয় সেৱা শিবিৰ এই কাৰ্যসূচীত উদ্দীপ্ত নাৰায়ণ ৰাজা, পুলিন হাজৰিকা, চন্দ্ৰ মোহন বৰা, ভবেন দাস, জয়ন্ত হাজৰিকা, অনুপ লস্কৰ, মৌচুমী শৰ্মা, ৰাহুল বৰা, ফিৰুজ আহমেদ, ডা০ প্ৰদীপ কুমাৰ দেৱ মহন্তকে আদি কৰি শতাধিক ব্যক্তিয়ে সেৱা আগবঢ়ায়।