/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/78999f4d-07ab-40a4-8e10-bfda24b19d52/ghila.jpg)
ঘিলামৰা উন্নয়ন খণ্ড
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এক নিৰ্দেশনা যোগে মুঠ ৩৭ টা উন্নয়ন খণ্ডত মুঠ ৩৭ গৰাকী পূৰ্ণ পদমৰ্যাদাৰ খণ্ড উন্নয়ন বিষয়াক নিযুক্তি দিছে। বিভাগৰ E 22751/DFA/ 102691-Aনম্বৰৰ এক নিৰ্দেশনা অনুসৰি ৰাজ্য জুৰি ৩৭ গৰাকী খণ্ড উন্নয়ন বিষয়াক নিযুক্তি দিছে ।
এই নিৰ্দেশনাৰ ভিত্তিত লখিমপুৰ জিলাৰ কৰুনাবাৰী উন্নয়ন খণ্ডত মৃগাংক কুমাৰ দাস আৰু ঘিলামৰা উন্নয়ন খণ্ডত ভাগ্যশ্ৰী ডেকাক খণ্ড উন্নয়ন বিষয়া হিচাবে নিযুক্তি দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/11301bbc-76f6-4bb7-a2e9-a1a5546158bd/8afad228_4661_4c60_adaa_8231636f1df5.jpg)
উল্লেখ্য যে, সুদীর্ঘ দিন ধৰি ভাৰপ্ৰাপ্ত ব্যৱস্থাৰে পৰিচালিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত এই উন্নয়ন খণ্ড দুটাত উন্নয়নমূলক কাম কাজত অহেতুক স্থবিৰতা আহি পৰিছিল। যোৱা ১৪ ডিচেম্বৰত জাৰি হোৱা এই নিৰ্দেশনাৰ ভিত্তিত শীঘ্ৰে নৱ নিযুক্তিপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়াদ্বয়ে যোগদান কৰিব বুলি জানিব পৰা গৈছে।
আৰু পঢ়কঃ নামৰূপত বনৰীয়া হাতীৰ উপদ্ৰপ...