'বেহাৰবাৰী আউটপোষ্ট'ৰ বিৰুদ্ধে চৰিত্ৰ -সংলাপ চুৰিৰ অভিযোগঃ অভিযোগ অস্বীকাৰ পৰিচালকৰ

'বেহাৰবাৰী আউটপোষ্ট'ৰ বিৰুদ্ধে চৰিত্ৰ -সংলাপ চুৰিৰ অভিযোগঃ অভিযোগ অস্বীকাৰ পৰিচালকৰ

author-image
Asomiya Pratidin
New Update
'বেহাৰবাৰী আউটপোষ্ট'ৰ বিৰুদ্ধে চৰিত্ৰ -সংলাপ চুৰিৰ অভিযোগঃ অভিযোগ অস্বীকাৰ পৰিচালকৰ

ডিজিটেল সংবাদ, কলিয়াবৰঃ এইবাৰ বিতৰ্কত সোমাই পৰিছে জনপ্ৰিয় অসমীয়া টি.ভি ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট। টি.ভি ধাৰাবাহিকৰ চৰিত্ৰ আৰু সংলাপৰ হুবহু মিল তথা কপি কৰাৰ আক্ষেপ প্ৰকাশ কৰি সামাজিক মাধ্যমৰ জৰিয়তে ক্ষোভ উজাৰিলে কলিয়াবৰৰ বিশিষ্ট নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাই।

Advertisment

শনিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত নাট্যকাৰগৰাকীয়ে ধাৰাবাহিকখনত তেওঁৰ চৰিত্ৰ আৰু সংলাপৰ মিল থকা কথাত দুখ প্ৰকাশ কৰে। ইতিমধ্যে নাট্যকাৰগৰাকীৰ বিশেষ ফেচবুক পোষ্টক লৈ সামাজিক মাধ্যমত তীব্ৰ চৰ্চিত বিষয় হৈ পৰা দেখা গৈছে।

উল্লেখ্য যে, বিগত ২০০০ চনত ৰচনা কৰা বহু সমাদৃত নাটক 'কাপুৰুষ-মহাপুৰুষ'ৰ চৰিত্ৰ সত্য জীৱন কাকতি চৰিত্ৰটো আৰু সংলাপৰ সৈতে বিশেষ ধাৰাবাহিকৰ চৰিত্ৰ সত্যবানৰ লগত প্ৰায় অবিকল মিল থকা বাবেই দুখ প্ৰকাশ কৰিছে নাট্যকাৰগৰাকীয়ে।

জানিব পৰা মতে, হঠাৎ ধাৰাবাহিকৰ খণ্ডটো টি.ভিৰ পৰ্দাত দেখি ধাৰাবাহিকখনৰ খণ্ড পৰিচালক তথা চিত্ৰ-নাট্যকাৰক অৱগত কৰিছিল নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাই। কিন্তু ধাৰাবাহিকখনৰ তৰফৰ পৰা কোনো স্পষ্টীকৰণ নোপোৱাত বিষয়টো ৰাজহুৱা কৰাৰ লগতে সুবিচাৰ দাবী কৰিছে অসমৰ বিশিষ্ট নাট্যকাৰগৰাকীয়ে। এই ঘটনাই এতিয়া কলিয়াবৰৰ নাট্য প্ৰেমী ৰাইজকো আঘাত হনা বুলি চৰ্চাৰ বিষয় হৈ পৰিছে।

ইফালে অসমীয়া প্ৰতিদিন ডিজিটেলৰ পৰা বেহাৰবাৰী আউটপোষ্টৰ পৰিচালক মনোজ শইকীয়াৰ সৈতে যোগাযোগ কৰাত তেওঁ এই অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰে। নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাই তেওঁৰ নাটকৰ লগত যি চৰিত্ৰ আৰু সংলাপৰ মিল থকাৰ কথা উল্লেখ কৰিছে সেই চৰিত্ৰটোৰ মানুহজন চতিয়াৰ কচাৰী গাঁৱৰ "চন্দ্ৰ পেহা"।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০১৮ চনত এই পেহা শ্ৰদ্ধাৰ চন্দ্ৰ বৰাৰ মৃত্যু হৈছিল। হেৰাই যোৱা চন্দ্ৰ পেহাৰ কাহিনীসমূহক ছপা আখৰেৰে কিতাপৰ ৰূপ দি উত্তৰ পুৰুষৰ বাবে সাচিঁ ৰাখিছিল বৰ্তমান গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ৰ মুখ্য পৰিচালনা বিষয়া চতিয়াৰ সন্তান উৎপল বাদল বৰুৱাই।

"জীৱন বাটৰ ৰস" নাম দি উলিওৱা কিতাপখনৰ নায়ক 'চন্দ্ৰ পেহা'ৰ চৰিত্ৰটো ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত "সত্যবান"ৰ ৰূপ দি অভিনেতা মৃদুল ভূঞাই অভিনয় কৰাৰ কথা উল্লেখ কৰিছে পৰিচালক মনোজ শইকীয়াই।

Also Read: কাঁ চলচ্চিত্র মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ অৰ্জন ভাৰতৰ অনাসূয়াৰ...

Kaliabar beharbari outpost