/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/24d2bf47-eac4-4136-9c31-88bf8fbd2888/AP_FOR_WEB_anusuya_.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় অভিনেত্রী অনাসূয়া সেনগুপ্তাই ফ্রান্সত অনুষ্ঠিত ৭৭ সংখ্যক কাঁ চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ অভিনেত্রীৰ বঁটা লাভ কৰে। কাঁ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় অভিনেত্ৰী হিচাপে নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে অনাসূয়া।
তেওঁ দা শ্বেমলেছ ছবিত কৰা অভিনয়ৰ বাবে আন চার্টেইন ৰিগার্ড প্রাইজ ছেগমেণ্টত এই বঁটা লাভ কৰে। অনাসূয়াই বুলগেৰিয়াৰ চলচ্চিত্র নির্মাতা কনষ্টেপ্টিন বোজানোভৰ পৰিচালিত ছবিখনত ৰেণুকাৰ চৰিত্ৰত অভিনয় কৰিছিল। আনহাতে শ্যাম বেনেগালৰ মন্থন ছবিখনে চলচ্চিত্র মহোৎসবত বিশেষ প্রদর্শনী লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/bc0c954d-f588-447b-a907-9a0de71a9c2c/2153352149.jpg)
উল্লেখযোগ্য যে ১৪ মে’ৰ পৰা ২৫ মে’লৈকে অনুষ্ঠিত হৈছিল বিশ্বৰ আটাইতকৈ সন্মানীয় ৭৭ তম কাঁ চলচ্চিত্ৰ মহোৎসৱ। ফ্ৰান্সৰ কানচ চহৰত অনুষ্ঠিত হয় এই মহোৎসৱ।
১৯৪৬ চনৰ পৰা আৰম্ভ হোৱা কাঁ চলচ্চিত্ৰ মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা চলচ্চিত্ৰ নিৰ্মাতাসকলে নিজ নিজ ছবি লৈ আহে,যাৰ ভিতৰত শ্ৰেষ্ঠ ছবিখন নিৰ্বাচন কৰা হয়। কাঁ আৰু ইয়াৰ চাইডবাৰত মুঠ ৮ খন ভাৰতীয় বা ভাৰত-থীমযুক্ত চলচ্চিত্ৰক স্থান দিয়া হৈছে।
Also Read: নগাঁৱৰ সন্দিপনী বিদ্যামন্দিৰৰ কৃতি শিক্ষাৰ্থীৰ সম্বৰ্ধনা অনুষ্ঠান