বিশ্ব যুৱ চেম্পিয়নশ্বিপত ভাৰোত্তলনত বেদব্ৰত ভৰালীৰ সোণৰ পদক অৰ্জন...

বিশ্ব যুৱ চেম্পিয়নশ্বিপত ভাৰোত্তলনত অসমৰ বেদব্ৰত ভৰালীৰ সোণৰ পদক অৰ্জন...

author-image
Asomiya Pratidin
New Update
বিশ্ব যুৱ চেম্পিয়নশ্বিপত ভাৰোত্তলনত বেদব্ৰত ভৰালীৰ সোণৰ পদক অৰ্জন...

ডিজিটেল ডেস্কঃ বিশ্ব যুৱ চেম্পিয়নশ্বিপত ভাৰোত্তলনত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হল অসমৰ বেদব্ৰত ভৰালী। পেৰুৰ লিমাত অনুষ্ঠিত হোৱা আই ডব্লিউ এফ বিশ্ব যুৱ চেম্পিয়নশ্বিপত বেদব্ৰত ভৰালীয়ে পুৰুষৰ পুৰুষৰ ৭৩ কেজিত স্বৰ্ণ পদক লাভ কৰে। ১৭ বছৰীয়া বেদব্ৰত ভৰালীয়ে প্ৰতিযোগীসকলত কৈ ১২ কিলোগ্ৰাম ব্যৱধানত মুঠ ২৯৬ কিলোগ্ৰাম ওজন উত্তোলন কৰে।

Advertisment

উল্লেখযোগ্য যে বিগত বৰ্ষত ইউৰোপ মহাদেশৰ আলবেনিয়াৰ ডুৰেছত অনুষ্ঠিত আই ডব্লিউ এফ বিশ্ব যুৱ চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্রতিনিধিত্ব কৰা বেদব্রতে পুৰুষৰ ৬৭ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি এছিয়ান যুৱ চেম্পিয়ন ভৰালীয়ে ৬৭ কেজি শাখাত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

Also Read: 'বেহাৰবাৰী আউটপোষ্ট'ৰ বিৰুদ্ধে চৰিত্ৰ -সংলাপ চুৰিৰ অভিযোগঃ অভিযোগ অস্বীকাৰ পৰিচালকৰ

World Youth Weightlifting BEDABRAT BHARALI