নগাঁৱৰ শিমলুগুৰিত অগ্নিকাণ্ড...

অগ্নিকাণ্ডত জাহ যায় কেইবা হাজাৰ টকাৰ খেৰ আৰু বিদ্যুৎ পৰিবাহী ৱায়াৰ

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ শিমলুগুৰিত অগ্নিকাণ্ড...

শিমলুগুৰিত অগ্নিকাণ্ড

ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁৱৰ শিমলুগুৰিত অগ্নিকাণ্ড। শুকুৰবাৰে আবেলি বেবেজীয়াৰ নিকটৱৰ্তী শিমলুগুৰি বৰভেটি গাওঁ পঞ্চায়তৰ সমীপৰ আহাম্মদ আলী নামৰ এজন লোকৰ ঘৰৰ সন্মুখত থৈ দিয়া খেৰত অগ্নিকাণ্ড সংঘটিত হয়।

Advertisment

লগে লগে অঞ্চলটো হোৱা ধোঁৱাময় হোৱাৰ পাছত বহুতো ৰাইজ একত্ৰিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা চলাই। পৰৱৰ্তী সময়ত ঘটনা স্থলীত অগ্নি নিৰ্বাপন বাহনীৰ লোক উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অৱশ্যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই।

উল্লেখ্য যে, অগ্নিকাণ্ডৰ ফলত কেইবা হাজাৰ টকাৰ খেৰৰ লগতে বিদ্যুৎ ৱায়াৰ জুইত যাহ যায়।

আৰু পঢ়কঃ শংকৰ-মাধৱ চিত্ৰ কলা বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱালৈ সুৰনন্দন ভাৰতী শ্ৰেষ্ঠ বিদ্যালয় পৰিচালকৰ বঁটা...

nagaon fire assam