চিৰাঙৰ কাজলগাঁৱত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উত্তাল প্ৰতিবাদ

চিৰাঙৰ কাজলগাঁৱত শুকুৰবাৰে চাৰিদফীয়া দাবী লৈ মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সহস্ৰাধিক কৰ্মীয়ে উত্তাল প্ৰতিবাদী সমদল সাব্যস্ত কৰে ।

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ কাজলগাঁৱত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, চিৰাং: চিৰাঙৰ কাজলগাঁৱত শুকুৰবাৰে চাৰিদফীয়া দাবী লৈ মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সহস্ৰাধিক কৰ্মীয়ে উত্তাল প্ৰতিবাদী সমদল সাব্যস্ত কৰে । কিন্তু প্ৰশাসনৰ অনুমতি অবিহনে সমদল উলিওৱাৰ বাৱে ঢালিগাঁও থানাৰ আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলৰ ব্যানাৰ কাঢ়ি নিয়ে ।

Advertisment

ইয়াকে লৈ প্ৰতিবাদকাৰী মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ নেতা কৰ্মী সকলৰ সৈতে আৰক্ষীৰ তীব্ৰ বাক বিতণ্ডা সৃষ্টি হয় ।আৰক্ষীৰ এই দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে আন্দোলনকাৰী মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ নেতা কৰ্মী সকলে ।

সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ আহ্বানত আৰু চিৰাং জিলা সমিতিৰ উদ্যোগত সহস্ৰাধিক মধ্যাহ্ন ভোজন কৰ্মীয়ে সমস্ত বকেয়া মাননি শীঘ্ৰে আদায় দিয়ক, মাননি নিয়মীয়াকৈ আদায় দিয়ক, মাহৰ প্ৰথম সপ্তাহতেই মাননি আদায় দিয়ক, কর্তৃপক্ষই মোকলাই দিয়া মাননিৰ ধন সময় মতে বিতৰণ কৰিব নোৱৰা এক্সিচ বেঙ্কৰ ওপৰত বিহীত ব্যবস্থা গ্ৰহণ কৰক, 'অৰুণোদয়' আঁচনিৰ হিতাধিকাৰী হিচাপে নহয়, সম পৰিমাণৰ ধন মাননিৰ লগত যুক্ত কৰি ৰন্ধন কৰ্মীক প্রদান কৰক, মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগত প্রতিষ্ঠানলৈ হস্তান্তৰ কৰা নচলিব, 'অক্ষয় পাত্র ফাউণ্ডেশ্বনৰ পৰা আঁচনি ৰূপায়ণৰ দায়িত্ব চৰকাৰৰ হাতলৈ ওভোটাই আনক, বিজেপি নেতৃত্বাধীন অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্য্যসূচীৰ অন্তত সৰ্বশিক্ষাৰ জিলা মিছন সমন্বয়কৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ চাৰিদফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

আৰু পঢ়ক: বিভিন্ন দাবী উত্থাপন কৰি লামডিঙত পৌৰ কৰ্মচাৰীৰ প্ৰতিবাদ

assam protest