Advertisment

বেবেজীয়া পালনাম থানত সতী ৰাধিকাৰ নামত বিশ্ববিদ্যালয় স্থাপনৰ দাবী

অসম চৰকাৰে শেহতীয়াকৈ ৰাধিকা দিৱসৰ দিনটো বন্ধ ঘোষণা কৰি সতী ৰাধিকাক স্বীকৃতি প্ৰদান কৰাত সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে সতী ৰাধিকা দিৱস চৰকাৰী ভাবে উদযাপন কৰাৰ ব্যৱস্থা লবলৈ মুখ্যমন্ত্ৰী শৰ্মাক আহ্বান জনায়। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
xfh

ডিজিটেল সংবাদ,বেবেজীয়া:   সদৌ অসম সতী ৰাধিকা সমন্বয় সমিতিৰ উদ্যোগত নগাঁও জিলাৰ বেবেজীয়াস্থিত পালনাম থানত অনুসূচীত জাতিৰ দল সংগঠনৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত সমিতিৰ নেতৃত্বই কয় যে,বটদ্ৰৱাৰ সতী ৰাধিকাৰ স্মৃতি ক্ষেত্ৰৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰি পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে।

Advertisment

অসম চৰকাৰে শেহতীয়াকৈ ৰাধিকা দিৱসৰ দিনটো বন্ধ ঘোষণা কৰি সতী ৰাধিকাক স্বীকৃতি প্ৰদান কৰাত সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে সতী ৰাধিকা দিৱস চৰকাৰী ভাবে উদযাপন কৰাৰ ব্যৱস্থা লবলৈ মুখ্যমন্ত্ৰী শৰ্মাক আহ্বান জনায়। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত প্ৰদান কৰা সতী ৰাধিকা বঁটা বৰ্তমান বন্ধ হৈ থকাৰ কথা উল্লেখ কৰি সমিতিয়ে এই বঁটা পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে অসম চৰকাৰক আহ্বান সমিতিখনৰ। 

সতী ৰাধিকাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ অসম চৰকাৰক গোহাৰি জনোৱা লগতে এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি সংবাদ মাধ্যমৰ আগত সমিতিয়ে জানিবলৈ দিয়ে। সভাত অনুসূচীত জাতিৰ কেবাটাও সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

সতী ৰাধিকা