ৰোহিত আউট! অধিনায়কৰ দ্বায়িত্বত পাণ্ডিয়া,ধাৱন...

টি-২০ দলৰ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া, এদিনীয়া দলৰ নেতৃত্বত শিখৰ ধাৱন

author-image
Asomiya Pratidin
New Update
ৰোহিত আউট! অধিনায়কৰ দ্বায়িত্বত পাণ্ডিয়া,ধাৱন...

ৰোহিত আউট! অধিনায়কৰ দ্বায়িত্বত পাণ্ডিয়া,ধাৱন

ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপ অন্ত পৰাৰ পিছতে ভাৰতীয় দলটো পুনৰ এক দ্বিপাক্ষিক শৃংখলাৰ বাবে সাজু হৈছে। সদ্যসমাপ্ত টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত পৰাস্ত হোৱাৰ পিছত স্বদেশলৈ উভতি আহিছে ভাৰতীয় দলটো।

Advertisment

অধিনায়ক ৰোহিত শৰ্মা, কে এল ৰাহুলকে ধৰি একাধিক খেলুৱৈ প্ৰতিযোগিতাখনত চূড়ান্ত ৰূপত ব্যৰ্থ হোৱাৰ পিছতে দেশী, বিদেশী প্ৰাক্তন ক্ৰিকেটাৰৰ লগতে ক্ৰিকেট বিশেষজ্ঞ আৰু সমালোচকসকলে কেইবাজনো খেলুৱৈক অৱসৰৰ পৰামৰ্শ আগবঢ়াইছে। তেনে সময়তে বি চি চি আইয়ে ঘোষণা কৰিলে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া টি-২০ আৰু এদিনীয়া শংখলাৰ বাবে ভাৰতীয় দলটো।

বি চি চি আইয়ে ঘোষণা কৰা এই দলটোৰ পৰা বাদ পৰিছে নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা। বাদ দিয়া হৈছে টি-২০ বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা কিং কোহলি। একেদৰে বাদ দিয়া হৈছে কে এল ৰাহুল, দীনেশ কাৰ্তিক আদিক।

বি চি চি আইয়ে এই শৃংখলাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰাৰ পিছতে তেওঁলোক উৰা মাৰিছে নিউজিলেণ্ডলৈ। এই দলটোত অৱশ্যে সদ্যসমাপ্ত টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰা বহু কেইজন খেলুৱৈয়ে স্থান লাভ কৰিছে। দলটোলৈ ঘূৰি আহিছে কেইবাজনো অভিজ্ঞ খেলুৱৈ।

ভাৰতীয় দলৰ একাংশ খেলুৱৈ
ভাৰতীয় দলৰ একাংশ খেলুৱৈ

সেই অনুসৰি টি-২০ আৰু এদিনীয়া শৃংখলাত দলক নেতৃত্ব দিব ক্ৰমে হাৰ্ডিক পাণ্ডিয়া আৰু শিখৰ ধাৱনে।

শৃংখলাৰ বাবে ঘোষিত টি-২০ দলটোঃ হাৰ্ডিক পাণ্ডিয়া (অধিনায়ক) শুভমন গীল, সূৰ্য কুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, দীপক হুডা, ৱাশ্বিংটন সুন্দৰ, ঋষভ পন্ট ল (উইকেট কীপাৰ) , ঈশান কিষাণ, সঞ্জু ছেমচন, য়ুজবেন্দ্ৰ চহল, কুলদীপ যাদৱ, হৰ্ষল পেটেল, মহম্মদ চিৰাজ, ভূৱনেশ্বৰ কুমাৰ, অৰ্শদীপ সিঙ আৰু উমৰান মালিক।

এদিনীয়া শৃংখলাৰ বাবে ঘোষিত দলঃ শিখৰ ধাৱন (অধিনায়ক), শুভমন গীল, সূৰ্য কুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, দীপক হুডা, ৱাশ্বিংটন সুন্দৰ, শ্বহবাজ আহমেদ, ঋষভ পন্ট (উইকেট কীপাৰ), সঞ্জু ছেমচন, শ্বাৰ্দুল ঠাকুৰ, য়ুজবেন্দ্ৰ চহল, কুলদীপ যাদৱ, অৰ্শদীপ সিঙ, দীপক চহৰ, উমৰান মালিক আৰু কুলদীপ সেন।

আৰু পঢ়কঃ শ্ৰদ্ধাৰ টুকুৰা টকুৰ দেহ ফ্ৰিজত ৰাখি আফতাব মচগুল আছিল অন্য নাৰীৰ সংস্পৰ্শত !

india shikhar dhawan india vs nz bcci hardik pandya