শ্ৰদ্ধাৰ টুকুৰা টকুৰ দেহ ফ্ৰিজত ৰাখি আফতাব মচগুল আছিল অন্য নাৰীৰ সংস্পৰ্শত !

শ্ৰদ্ধাৰ টুকুৰা টকুৰ দেহ ফ্ৰিজত ৰাখি আফতাব মচগুল আছিল অন্য নাৰীৰ সংস্পৰ্শত !
শ্ৰদ্ধাৰ টুকুৰা টকুৰ দেহ ফ্ৰিজত ৰাখি আফতাব মচগুল আছিল অন্য নাৰীৰ সংস্পৰ্শত !

ডিজিটেল ডেস্কঃ দিল্লীৰ মেহৰৌলি হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ দেশ। নিজ প্ৰেয়সীক হত্যা কৰি ৩৫ ভাগত দেহ টুকৰা-টুকুৰ কৰি দিল্লীৰ বিভিন্ন স্থানত পেলাই দিয়া জঘণ্য হত্যাকাৰী প্ৰেমিক আফতাবক সোধা-পোছা অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে। শ্ৰদ্ধাৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছিল আফতাবক। ইয়াৰ পিছতে আৰক্ষীয়ে সোধা-পোছা কৰাত পোহৰলৈ আহিছিল সমগ্ৰ ঘটনা।

মঙলবাৰে দিল্লী আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰিবলৈ আফতাবক মেহৰৌলিৰ অৰণ্যলৈ লৈ যায়। এই অৰণ্যতে আফতাবে শ্ৰদ্ধাৰ দেহৰ কেইবাটাও টুকুৰা পেলাই দিছিল। দেহৰ সেই টুকুৰবাৰোৰ সন্ধানত নামিছে আৰক্ষী।

উল্লেখ্য যে, চলিত বছৰৰ ১৮ মে'ত শ্ৰদ্ধাক আফতাবে হত্যা কৰিছিল। দীৰ্ঘ দিন ধৰি দুয়ো আছিল লিভ -ইন সম্পৰ্কত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰখাৰ তদন্তৰ মাজতে প্ৰকাশ কৰিছে যে, আফতাবে শ্ৰদ্ধাৰ মোবাইল ফোনটোও অৰণ্যলৈ দলিয়াই দিছিল। সেই ফোনটোৰো সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ইয়াৰোপৰি আৰক্ষীয়ে কৈছে, শ্ৰদ্ধাক হত্যা কৰাৰ পাছতো, আফতাবে জুন মাহলৈ শ্ৰদ্ধাৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্যৱহাৰ কৰি আহিছিল যাতে মানুহে অনুভৱ কৰে যে শ্ৰদ্ধা জীয়াই আছে। অৱশ্যে, এতিয়ালৈকে আৰক্ষীয়ে শ্ৰদ্ধাৰ শৰীৰটো টুকুৰা টুকুৰ কৰিবলৈ আফতাবে ব্যৱহাৰ কৰা অস্ত্ৰ বিচাৰি উলিয়াব পৰা নাই।

আৰক্ষীয়ে কৈছে, আফতাবে ইণ্টাৰনেটৰ সহায়ত তেজ পৰিষ্কাৰ কৰিবলৈ ৰাসায়নিক পদাৰ্থৰ সন্ধান কৰিছিল। সেই অনুসৰিয়েই ৰাসায়নিক পদৰ্থৰে তেজ পৰিষ্কাৰ কৰিছিল। আফতাবে শ্ৰদ্ধাৰ শৰীৰৰ টুকুৰাবোৰ ১৮ দিন ধৰি ফ্ৰিজত ৰাখিছিল।

ইফালে আন এক তথ্য অনুসৰি আফতাবে শ্ৰদ্ধাক হত্যা কৰাৰ পূৰ্বে আমেৰিকান অপৰাধ ড্ৰামা ছিৰিজ 'ডেক্সটাৰ' চাইছিল। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত আফতাব আৰু শ্ৰদ্ধাৰ বন্ধুসকলকো সোধা-পোছা কৰি আছে।

ইফালে শ্ৰদ্ধাৰ হত্যাৰ পিছতো আফতাব ডেটিং এপত সক্ৰিয় আছিল। যি সময়ত শ্ৰদ্ধাৰ টুকুৰা-টুকুৰ দেহ ফ্ৰিজত আছিল সেই সময়টো আফতাবে তেওঁৰ কোঠালিত আন ছোৱালীৰ সংগত সময় পাৰ কৰিছিল বুলিও খবৰ প্ৰকাশ পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in