গুজৰাট হিংসাৰ ওপৰত বিবিচিয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰ কেৱল 'প্ৰচাৰৰ অংশ': চৰকাৰ

ভাৰত চৰকাৰে বৃহস্পতিবাৰে বিবিচিক কটাক্ষ কৰি কয় যে তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত যি তথ্যচিত্ৰ নিৰ্মাণ কৰিছে সেয়া পক্ষপাতিত্বৰ সৈতে প্ৰচাৰ কৰা হৈছে।
গুজৰাট হিংসাৰ ওপৰত বিবিচিয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰ কেৱল 'প্ৰচাৰৰ অংশ': চৰকাৰ

ডিজিটেল ডেস্ক: ভাৰত চৰকাৰে বৃহস্পতিবাৰে বিবিচিক কটাক্ষ কৰি কয় যে তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত যি তথ্যচিত্ৰ নিৰ্মাণ কৰিছে সেয়া পক্ষপাতিত্বৰ সৈতে প্ৰচাৰ কৰা হৈছে। আৰু এনে তথ্যচিত্ৰক গুৰুত্ব দিয়া উচিত নহয় বুলি কয়। উল্লখ্য যে, এই তথ্যচিত্ৰখন ২০০২ চনৰ গুজৰাট হিংসাৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।

চৰকাৰে কয় যে বিবিচিয়ে তথ্যচিত্ৰখন সস্তীয়া প্ৰচাৰ, পক্ষপাতী আৰু ঔপনিৱেশিকৰ মানসিকতা প্ৰদৰ্শন কৰে। বিদেশ মন্ত্ৰালয়ে কয় যে শেহতীয়াকৈ বিবিচিয়ে প্ৰধানমন্ত্ৰীৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰখন কেৱল কু প্ৰচাৰৰ অংশ,যিয়ে ২০০২ চনৰ গুজৰাট হিংসাৰ সময়ত প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

লগতে কয় যে এই তথ্য চিত্ৰ নিৰ্মাণৰ আঁৰত হয়তো বেলেগ কাৰণ আছে। ২০০২ চনত গুজৰাটত হিংসাত্মক কাৰ্যকালাপ সংঘটিত হৈছিল আৰু সেই সময়ত নৰেন্দ্ৰ মোডী গুজৰাটক মুখ্যমন্ত্ৰী আছিল। কিন্তু উচ্চতম ন্যায়ালয়ে মোডীক ক্লীনছিট দিছিল। গতিকে এই তথ্যচিত্ৰখন ভিত্তিহীন।

আৰু পঢ়ক: লামডিঙত অৱসৰপ্রাপ্ত সেনা জোৱানৰ পৰা চোৰে লুটিলে লাখ টকাৰ সামগ্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in