/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/877262a7-bbef-4337-86ec-8127ecfeb07e/sabha.jpg)
বানটুং নগৰ যুৱ সংঘৰ প্ৰতিষ্ঠা দিৱস
ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ টেঙাপুখুৰীৰ বৃহত্তৰ বাণ্টুং অঞ্চলৰ শৈক্ষিক সামাজিক তথা সাংস্কৃতিক দিশৰ অগ্ৰণী অনুষ্ঠান বাণ্টুং নগৰ যুৱ সংঘৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে শিশু দিৱস উদযাপন কৰে। এই উপলক্ষত সোমবাৰে বানটুং নগৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যুৱ সংঘৰ ৪০ সংখ্যক "প্ৰতিষ্ঠা দিৱস"ৰ আৰু "শিশু দিবস"ৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
উদ্যোগক্তাই জানিব দিয়া অনুসৰি বানটুং নগৰ যুৱ সংঘৰ সভাপতি বীৰেণ দুৱৰাই মূল পতাকা উত্তোলন আৰু বানটুং যুৱ সংঘৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱ উপলক্ষে ৪০ খনকৈ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
ইয়াৰ পিছতে বৃক্ষৰোপন ,বন্তি প্ৰজ্বলন ,ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকণ,ৰচনা ,কুইজ,তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ বিয়লি অৱসৰ প্ৰাপ্ত বিষয় শিক্ষক ৰোহিনী মহনৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/9658f899-0064-4724-9dd3-4f5917997b29/sabha1.jpg)
প্ৰাক্তন শিক্ষক সুনীল চেতিয়াই উদ্বোধন কৰা মুকলি সভাত গড়গাঁও মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ড° ৰক্তিম পাটৰ নিৰ্দিষ্ট বক্তা আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধীৰেণ চেতিয়া ,মথুৰাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধৰ্মেন্দ্ৰ বৰা,শিক্ষক বলেন তামুলী, আছুনেতা সমীৰন ফুকন,বানটুং পঞ্চায়তৰ সভাপতি প্ৰৱীন বৰুৱা লগতে কেইবাজনো ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷
আৰু পঢ়কঃ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ এখন ভিতৰুৱা গাৱঁৰ কৰুণ গাঁথা...