১৯৯১ ত আৱেদন, ২০১৩ ত নিৰ্মাণ: তথাপিও মুকলি নহ'ল বটদ্ৰৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

১৯৯১ ত আৱেদন, ২০১৩ ত নিৰ্মাণ: তথাপিও মুকলি নহ'ল বটদ্ৰৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ
১৯৯১ ত আৱেদন, ২০১৩ ত নিৰ্মাণ: তথাপিও মুকলি নহ'ল বটদ্ৰৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

ডিজিটেল সংবাদ বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাকে প্ৰমুখ্য কৰি পাৰ্শ্বৱৰ্তী এলেকাৰ গাঁৱৰ জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে ১০ খন বিচনাযুক্ত বটদ্ৰৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি নিৰ্মাণ হৈছিল। কিন্ত পৰিতাপৰ বিষয় যে, বৃহত্তৰ অঞ্চলটোৰ লক্ষাধিক জনতাৰ লগতে বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ বিপুল দাবীৰ পাছত ২০১৩ চনতে নিৰ্মাণ কাৰ্য শেষ হোৱা এই বটদ্ৰৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ কিন্তু আজিওঁ কাৰ্যক্ষম হোৱা নাই।

যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলবাসী ৰাইজৰ ব্যপক সমস্যাৰ সৃষ্টি হৈছে। উল্লেখ্য যে, নগাঁও জিলাৰ বটদ্ৰৱা সৰুহিছা, বৰহিছা, বৰভেটি, ভেটিয়নী, ভোমোৰাগুৰি, লালুংগাঁও, ধনীয়াভেটি, ৰামপুৰ, ভেৰভেৰী, বাটমাৰী, কদমণি, বৰালীমাৰী, আমলখি, ভেটিবাৰী, কোবাইকটাকে আদি কৰি ডেৰ কুৰি গাঁৱৰ লক্ষাধিক জনতাৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে ৮০ দশকৰ পৰাই ৩০ থন বিচনাযুক্ত চিকিৎসালয়ৰ দাৱী উত্থাপন হৈ আহিছিল।

যাৰ ফলশ্ৰুতিত ১৯৯১ চনত সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই বটদ্ৰৱা থান দৰ্শনৰ বাবে আহোঁতে অঞ্চলৰ ৰাইজৰ হৈ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তেতিয়াৰ সাধাৰণ সম্পাদক ড০ নৰেন কলিতাই তেখেতক আবেদন জনাইছিল। সেই আবেদনৰ পাছতে পৰবৰ্তী কালত, দেৰিকৈ হলেও ২০১৩ চনত বটদ্ৰৱাৰ শান্তিজানৰ পাৰৰ, চৰকাৰী বীজ পামৰ সমীপতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছিল এই ১০ খন বিচনাযুক্ত বটদ্ৰৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি।

প্ৰায় কোটি টকা ব্যয়েৰে এখন চিকিৎসালয়ৰ বাবে প্ৰয়োজনীয় সকলো দিশ সামৰি নিৰ্মাণকাৰ্য শেষ হোৱাৰ ১০ বছৰ পিছতো আজিও স্বাস্থ্য কেন্দ্ৰটি মুকলি নোহোৱা বিষয়টোত জাঙুৰ খাই উঠিছে বটদ্ৰৱাৰ সচেতন ৰাইজ। ইফালে স্বাস্থ্য কেন্দ্ৰটিৰ চৌহদত বৰ্তমান হাবি জংঘলেৰে আবৰি পৰাৰ উপৰিও কেন্দ্ৰটিৰ ভিতৰত গৰু গোহালি সদৃশ পৰিবেশ সৃষ্টি হৈছে আৰু ক্ৰমান্বয়ে হস্পিতালৰ আচবাব, চিলিং, দেৱাল, বৈদ্যুতিক সাসৰঞ্জাম আদি বিভিন্ন মূল্যবান সামগ্ৰীসমূহ নষ্ট হ'ব ধৰিছে।

আজি বটদ্ৰৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটিত উপস্থিত হৈ বটদ্ৰৱাৰ কেইবাগৰাকী গন্য মান্য ব্যক্তিয়ে ১০ খন বিচনাযুক্ত স্বাস্থ্য কেন্দ্ৰটি মুকলি নোহোৱা বিষয়টোৰ সন্দৰ্ভত প্ৰতিবেদকৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰে। অঞ্চলটোত ৰাইজে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক আগন্তুক তিনি মাহৰ ভিতৰত স্বাস্থ্য কেন্দ্ৰটি মুকলি কৰি কাৰ্যক্ষম কৰিবলৈ দাবী উত্থাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in