Constitution Day: জানক মোডী চৰকাৰে সংবিধানৰ কি কি সংশোধন কৰিলে...

Constitution Day: জানক মোডী চৰকাৰে সংবিধানৰ কি কি সংশোধন কৰিলে...
Constitution Day: জানক মোডী চৰকাৰে সংবিধানৰ কি কি সংশোধন কৰিলে...

ডিজিটেল ডেস্কঃ ২৬ নৱেম্বৰ, সংবিধান দিৱস (Constitution Day) । ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধান সভাই ভাৰতীয় সংবিধান গৃহীত কৰিছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত ই কাৰ্যকৰী হৈছিল। ২০১৫ চনৰ ১৯ নৱেম্বৰত ভাৰত চৰকাৰে এক অধিসূচনাৰ জৰিয়তে ২৬ নৱেম্বৰক সংবিধান দিৱস হিচাপে ঘোষণা কৰিছিল। এই সংবিধান দিৱসক ৰাষ্ট্ৰীয় আইন দিৱস হিচাপেও জনা যায়।

সংবিধানৰ দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, "আমাৰ সংবিধান নিৰ্মাতাসকলে আমাক এখন সংবিধান প্ৰদান কৰিছে যি মুক্ত আৰু ভৱিষ্যতবাদী আৰু ইয়াৰ আধুনিক দৃষ্টিভংগীৰ বাবে জনাজাত। গতিকে স্বাভাৱিকতে, আমাৰ সংবিধানৰ আত্মা যুৱ-কেন্দ্ৰিক।"

তেওঁ কয়, বিশ্বই ভাৰতলৈ যথেষ্ট আশাৰে চাই আছে। যিখন দেশে ইয়াৰ স্বাধীনতা বজাই ৰাখিব নোৱাৰিব বুলি আশংকা কৰা হৈছিল, আজি সেই একেখন দেশে ইয়াৰ সকলো বৈচিত্ৰ্যৰ বাবে গৌৰৱ অনুভৱ কৰি সম্পূৰ্ণ শক্তিৰে আগবাঢ়িছে।

বিশ্বৰ আটাইতকৈ দীঘল লিখিত সংবিধান হিচাপে পৰিচিত ভাৰতীয় সংবিধান গৃহীত হোৱাৰ পিছত বৰ্তমান পৰ্যন্ত বহুবাৰ সংশোধন কৰা হৈছে। সংবিধানৰ অনুচ্ছেদ ৩৬৮ ৰ আধাৰত সংসদক সংবিধান সংশোধনৰ ক্ষমতা দিয়া হৈছে। সেই ক্ষমতা অনুসৰিয়েই বৰ্তমান পৰ্যন্ত ভাৰতে ১০৫ বাৰ সংবিধান সংশোধন কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ২০১৪ত ক্ষমতালৈ অহাৰ পিছত ২০২২ ৰ বৰ্তমান পৰ্যন্ত সংবিধানৰ বহু কেইটা গুৰুত্বপূৰ্ণ দিশ সংশোধন কৰা হৈছে। যাৰ বাবে দেশ জুৰি বহু বিতৰ্কৰ সূত্ৰপাত হৈছে। সংবিধান সংশোধনৰ জৰিয়তে মোডী চৰকাৰে গৃহীত কৰা আইনক কংন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিবাদ হৈ পৰিছে ৰক্তাক্ত। ভাৰতীয় ইতিহাসৰ ক'লা অধ্যায় হিচাপেও লিপিবদ্ধ হৈছে। অৱশ্যে তাৰ মাজতে কিছুমান সংশোধনীয়ে দেশজুৰি চৰ্চাও লাভ কৰিছে।

২০১৫ ত মোডী চৰকাৰে গ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় ন্যায়িক নিযুক্তি আয়োগ আইন। সংবিধানৰ ৯৯ তন সংশোধনীৰ জৰিয়তে গ্ৰহণ কৰা হৈছিল এই আইন। ইয়াৰ পিছৰ আন এক গুৰুত্বপূৰ্ণ সংবিধান সংশোধনী আছিল ১০০ তম সংশোধনী। এই সংশোধনীৰ জৰিয়তে ভাৰত-বাংলাদেশ সীমা বিবাদ দূৰ কৰা হৈছিল। এই সংশোধনীৰ জৰিয়তে ভাৰত আৰু বাংলাদেশৰ মাজত স্থল সীমা চুক্তি স্বাক্ষৰ কৰা হৈছিল।

২০১৬ চনত ১০১ তম সংশোধনী কৰা হৈছিল সংবিধানৰ। এই সংশোধনীৰ জৰিয়তে ভাৰতত জি এছ টি আইন প্ৰণয়ন কৰা হৈছিল। সামসগ্ৰী আৰু সেৱা কৰ দেশজুৰি গ্ৰহণ কৰা হৈছিল। যিয়ে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এই জি এছ টি আইনৰ বাবেই বহু ক্ষুদ্ৰ উদ্যোগ মৃত্যু মুখত পৰা বুলিও বিশেষজ্ঞই দাবী কৰে। এতিয়াও এই আইনক লৈ বিতৰ্ক শেষ হোৱা নাই।

২০১৮ ত মোডী চৰকাৰে পিছপৰা শ্ৰেণীৰ ৰাষ্ট্ৰীয় আয়োগৰ সাংবিধানিক স্থিতিৰ বাবে ১০২ সংখ্যক বাৰৰ বাবে সংবিধান সংশোধন কৰিছিল। ১০৩ তম সংবিধান সংশোধনীৰ জৰিয়তে আকৌ শিক্ষানুষ্ঠান আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত অৰ্থনৈতিক ভাৱে পিছপৰা অৰ্থাত ই ডব্লিউ এছ শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল।

২০১৯ ত সংবিধানৰ ১০৪ তম সংশোধনী কৰা হৈছিল। এই সংশোধনী অনুসৰি লোকসভা, বিধানসভাত অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ সংৰক্ষণ ১০ বছৰলৈ বৃদ্ধি কৰা হৈছে। ২০২১ ত ১০৫ তম সংবিধান সংশোধনীৰ জৰিয়তে সামাজিক আৰু অৰ্থনৈতিক ভাৱে পিছপৰা শ্ৰেণীৰ চিনাক্তকৰণ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in