ছাত্ৰৰ অকাল মৃত্যুত বটদ্ৰৱাত শোক...
ছাত্ৰৰ অকাল মৃত্যুত বটদ্ৰৱাত শোক...

ছাত্ৰৰ অকাল মৃত্যুত বটদ্ৰৱাত শোক...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা বৰভেটি গাঁৱৰ যুৱক দেৱজিৎ বৰুৱাৰ মঙ্গলবাৰে নিশা ২.২৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতালত মৃত্যু হয়। ২৪ বছৰীয়া দেৱজিৎ বৰুৱা বিগত কিছুদিন ধৰি তেজৰ এক জটিল ৰোগত আক্ৰান্ত হৈ নগাঁও, গুৱাহাটীৰ বিভিন্ন ঠাইত চিকিৎসা গ্ৰহণ কৰি আছিল।

দেৱজিৎ বৰুৱাই ১৯৯৮ চনৰ ২৮ মাৰ্চত জন্মগ্ৰহণ কৰি বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষা সমাপ্ত কৰি পৰৱৰ্তী কালত নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। অমায়িক, শান্ত প্ৰকৃতিৰ, মেধা ছাত্ৰজনৰ আকাল বিয়োগত বটদ্ৰৱাত শোকৰ ছাঁ পৰিছে।

আজি পুৱা তেওঁৰ মৃতদেহ নিজ বাসগৃহলৈ অনাৰ পাছত এক শোকাকুল পৰিবেশ সৃষ্টি হয়। মৃত্যুৰ সময়ত দেৱজিৎ বৰুৱাই পিতৃ, মাতৃ, ভাতৃসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in