/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/d86331d7-3c4c-46df-8343-f173426e3746/bator_naat.jpg)
গোৱালপাৰাত এইডছ দিৱস উপলক্ষে শিক্ষকৰ বাটৰ নাট
ডিজিটেল সংবাদ,কৃষ্ণাইঃ সমগ্ৰ বিশ্বৰ লগতে গোৱালপাৰাৰ লক্ষীপুৰ আৰু মাটিয়াতো সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত এইডছ দিৱস পালন কৰা হয়। এই উপলক্ষে পুৱা ১০ বজাত লক্ষীপুৰত শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এক সজাগতা সমদল উলিওৱা হয় আৰু পিছত লক্ষীপুৰ চহৰত নয়ন জ্যোতি দাসৰ ৰচনা,পৰিকল্পনা তথা ভৃগুজিত দাসৰ পৰিচালনাত এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয় বুলি জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/e79f4a88-e306-4685-a17e-33e24f02006c/b.jpg)
নাটৰ প্ৰাক্-মুহুৰ্তত সজাগতা সমদলটিক উদ্দেশ্যি প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক সভাপতি অখিল নাথে উদ্বোধনী বক্তব্য আগবঢ়ায়। ইয়াৰ পিছত দুপৰীয়া মাটিয়া প্ৰাথমিক শিক্ষক সন্মিলনীৰ ব্যৱস্থাপনাতো সজাগতা সমদলৰ লগতে বাটৰ নাট প্ৰদৰ্শন কৰা হয়। এইডছৰ সজাগতাৰ বাবে প্ৰদৰ্শন কৰা নাটখনিত বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক- শিক্ষয়িত্রী তথা অভিনেতা সঞ্জীৱ কলিতা,দামোদৰ নাথ,ডিম্বেশ্বৰ নাথ,ভৃগুজিত দাস,লেখাৰাণী কাকতি,যুগশ্ৰী নাথ আদিয়ে অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে।
আৰু পঢ়কঃ আলোকচিত্ৰ শিল্পী অসীম কুণ্ডুৰ মৃত্যু