বটদ্ৰৱাত চৰকাৰী বিদ্যালয়ৰ কৰ্মচাৰী সহ ৫ ড্ৰাগছ সৰবৰাহকাৰীক আটক...

বটদ্ৰৱাত চৰকাৰী বিদ্যালয়ৰ কৰ্মচাৰী সহ ৫ ড্ৰাগছ সৰবৰাহকাৰীক আটক...

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত চৰকাৰী বিদ্যালয়ৰ কৰ্মচাৰী সহ ৫ ড্ৰাগছ সৰবৰাহকাৰীক আটক...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ চৰকাৰী বিদ্যালয়ৰ কৰ্মচাৰী সহ পাঁচ ড্ৰাগছ সৰবৰাহকাৰীক আটক। বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আজি গোপন সূত্ৰৰ পম খেদি বটদ্ৰৱাৰ শান্তিজান বজাৰৰ পৰা তিনিটা আৰু বটদ্ৰৱাৰ পুৰণি বাছ আস্থানৰ পৰা দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।

Advertisment

বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক কৰা সৰবৰাহকাৰী কেইটা ক্ৰমে ইক্ৰামুল হুছেইন, ৰঞ্জিত কুমাৰ, ৰিজাকুল ইছলাম, শ্বৰিফুল ইছলাম, ফকৰুল ইছলাম। উল্লেখ্য যে, ফকৰুল ইছলাম নগাঁৱৰ এখন চৰকাৰী বিদ্যালয়ৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

Also Read: বিশ্বৰ সবাতোকৈ দুখীয়া দেশঃ য'ত বছৰি উপাৰ্জন মাত্ৰ ৪২হাজাৰ টকা...

বটদ্ৰৱা