বিশ্বৰ সবাতোকৈ দুখীয়া দেশঃ য'ত বছৰি উপাৰ্জন মাত্ৰ ৪২হাজাৰ টকা...

বিশ্বৰ সবাতোকৈ দুখীয়া দেশঃ য'ত বছৰি উপাৰ্জন মাত্ৰ ৪২হাজাৰ টকা...

author-image
Asomiya Pratidin
New Update
বিশ্বৰ সবাতোকৈ দুখীয়া দেশঃ য'ত বছৰি উপাৰ্জন মাত্ৰ ৪২হাজাৰ টকা...

ডিজিটেল ডেস্কঃ বিশ্বৰ সবাতোকৈ দুখীয়া ১০খন দেশ বাৰু কোন কেইখন? জানেনে আপুনি এই কথা? জি ডি পিক কেন্দ্ৰ কৰি শেহতীয়াকৈ প্ৰকাশ পাইছে বিশ্বৰ ১০খন দুখীয়া দেশৰ তালিকা। এই তালিকাত কোন কেইখন দেশ আছে চাও আহক-

Advertisment

দক্ষিণ ছুডানঃ দেশৰ সবাতোকৈ দুখীয়া দেশৰ তালিকাত শীৰ্ষত আছে দক্ষিণ ছুডান। এই দেশখনত এটা জীৱন কটাবলৈ মানুহে বহু কষ্ট কৰিবলগীয়া হয়। এই দেশখনত এগৰাকী লোকৰ বাৰ্ষিক আয় ৪৯২ডলাৰ অৰ্থাত ৪২হাজাৰ ১৭৩টকা মাত্ৰ।

বুৰুণ্ডীঃ পূব আফ্ৰিকাত থকা দেশ বুৰুণ্ডী হৈছে বিশ্বৰ দুখীয়া ৰাষ্ট্ৰৰ ভিতৰত অন্যতম এখন দেশ। কৃষিপ্ৰধান এই দেশখনত অধিকাংশ লোকেই খেতিয়ক যদিও পৰ্যাপ্ত প্ৰণালীৱদ্ধ কাৰ্যপ্ৰণালীৰ অভাৱৰ বাবে অধিকাংশ লোকেই দৰিদ্ৰতাৰ কৱলত। দেশখনৰ বাৰ্ষিক আয় ৭৮,১৭৩টকা।

মধ্য আফ্ৰিকা গণৰাজ্যঃ মধ্য আফ্ৰিকা গণৰাজ্য হৈছে বিশ্বৰ তৃতীয়খন দুখীয়া দেশ। এই দেশত বাৰ্ষিক জনমুৰি আয় হৈছে ৯৫,২৬১টকা। এই দেশখনত ভূগৰ্ভত অত্যাধিক পৰিমাণে হীৰা পোৱা যায় যদিও পৰ্যাপ্ত সুুবিধা তথা কাৰ্যপ্ৰণালীৰ অভাৱৰ বাবে দৰিদ্ৰতাৰ সৈতে যুজিঁ আছে সকলো লোক।

কংঙ্গোঃ প্ৰাকৃতিক বিভিন্ন উপাদানেৰে ভৰপূৰ কংঙ্গোত উপাদানসমূহ প্ৰয়োজনীয় ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবেই দীৰ্ঘ বছৰ ধৰি দৰিদ্ৰতাৰ সৈতে যুঁজ দি আছে। বিশ্বৰ পঞ্চম সংখ্যক দুখীয়া দেশ হৈছে কংঙ্গো। এই দেশৰ এগৰাকী ব্যক্তিৰ বাৰ্ষিক জনমুৰি আয় ১লাখ ৩১হাজাৰ ১৯৩হাজাৰ টকা।

মৌজাম্বিকঃ সাক্ষৰতাৰ হাৰ নিম্ন, আন্তঃগাথঁনিৰ ক্ষেত্ৰত অতিকৈ পিছ পৰা মৌজাম্বিক হৈছে বিশ্ব ষষ্ঠখন দুখীয়া দেশ। এই দেশৰ এগৰাকী ব্যক্তিৰ বাৰ্ষিক জনমুৰি আয় হৈছে ১,৩৭, ৮৭৮টকা।

মলাবীঃ শিক্ষা, স্বাস্থ্য আৰু আন্তগাথঁনিৰ ক্ষেত্ৰত অতিকৈ পিছপৰা মলাবী হৈছে দেশৰ সপ্তমখন দুখীয়া দেশ। এইখন দেশৰ এগৰাকী ব্য়ক্তিৰ বাৰ্ষিক আয় ১, ৪২, ৮৯২টকা। এইদেশখনৰ অধিকাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল।

নাইজাৰঃ শিক্ষা আৰু মেডিকেল ক্ষেত্ৰখনত বিশেষভাৱে পিছপৰি থকাৰ বাবে এই দেশখনত দৰিদ্ৰতাৰ কৱলত পৰা আজিকোপতি ওলাই আহিব পৰা নাই। কৃষিৰ ওপৰত নিৰ্ভৰশীল এইখন দেশৰ অৰ্থনীতি। দেশখনৰ এগৰাকী ব্যক্তিৰ জনমুৰি আয় হৈছে ১, ৪৪, ৮৯২টকা।

ছাডঃ তেলৰ ওপৰতে নিৰ্ভৰশীল যদিও পৰ্যাপ্ত পৰিকল্পনাৰ বাবে দৰিদ্ৰতাৰ সৈতে যুজিঁ আছে এইখন দেশ। এই দেশখনৰ জনমুৰি আয় হৈছে ১,৫৫,৪২৭টকা। লক্ষ্য়ণীয় কথাতো হৈছে প্ৰচুৰ পৰিমাণে তেল নিষ্কাষণ হোৱা এইখন দেশ দিনক দিনে দৰিদ্ৰতাৰফালেহে গতি কৰিছে।

লাইবেৰিয়াঃ

লো আৰু ৰবৰক লৈ বিশেষভাৱে চহকী লাইবেৰিয়া। দুৰ্নীতি, গৃহযুদ্ধ আৰু দুৰ্বল আন্তঃগাথঁনিৰ বাবে আৰ্থিকভাৱে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হব লগা হৈছে লাইবেৰিয়া। এইখন দেশৰ জনমুৰি আয় হৈছে ১,৫৭,০৯৮টকা।

মেডাগাস্কৰঃ কৃষিপ্ৰধান দেশ মেডাগাস্কৰৰ এগৰাকী ব্যক্তিৰ বাৰ্ষিক উপাৰ্জন হৈছে ১,৬৬,২৯০টকা। কৃষিক লৈ প্ৰচুৰ সম্ভাৱনা থকা স্বত্ত্বেও দেশখনত পৰ্যাপ্ত আন্তঃগাথঁনিৰ নথকাৰ বাবেই দৰিদ্ৰতাৰ সৈতে যুজিঁ আছে দেশখনৰ অধিকাংশ লোক।

Also Read: নিউয়ৰ্কত অধ্যাপক ইউনুছক সাক্ষাতৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোডীৰ...

দুখীয়া দেশ