বাসুগাঁৱত আছুৰ আঞ্চলিক কাৰ্যালয়ত আৱতৰীয়া দিপাৱলী...

বাসুগাঁৱত আছুৰ আঞ্চলিক কাৰ্যালয়ত আৱতৰীয়া দিপাৱলী...
বাসুগাঁৱত আছুৰ আঞ্চলিক কাৰ্যালয়ত আৱতৰীয়া দিপাৱলী...

ডিজিটেল সংবাদ চিৰাংঃ চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ কাৰ্যালয়ত বৃহস্পতিবাৰ নিশা আবতৰীয়া দিপাৱলীৰ পৰিবেশৰ সৃষ্টি হয় । কাৰণ বৃহস্পতিবাৰে নিশা বাসুগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়।

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই আছুৰ প্ৰাৰ্থী আৰু আছু সমৰ্থিত প্ৰাৰ্থীৰ সমৰ্থকসকলে বাসুগাঁও চহৰৰ ৰাজপথত আতচবাজী ফুটাই, নৃত্য-গীতেৰে বিজয় উল্লাস কৰে । নিৰ্বাচনত মুঠ ১১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছুৰ সাধাৰণ সম্পাদক পদৰ সহ চাৰি গৰাকী আছুৰ প্ৰাৰ্থী আৰু আছু সমৰ্থিত চাৰি গৰাকী প্ৰাৰ্থী বিজয়ী হয় ।

নিশা বিজয়ী প্ৰাৰ্থীসকলক বাসুগাঁও আছুৰ আঞ্চলিক কাৰ্যালয়ত ফুলাম গামোচাৰে আঁদৰণি জনায় জিলা আছুৰ সম্পাদক দীপক দাসে । বিজয়ী প্ৰাৰ্থীসকলে আছুৰ কাৰ্যালয়ৰ ছহিদ বেদীত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বাসুগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ আছুৰ সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ বৰুৱা, খেল সম্পাদক ক্ৰমে শংখ চক্ৰবৰ্তী, নৱদ্বীপ ৰাভা, সাংস্কৃতিক সম্পাদক ইন্দ্ৰজিত বৰ্মনৰ উপৰি আছু সমৰ্থিত টুম্পা বৰ্মন, ৰাজদীপ দেবনাথ আৰু ৰঞ্জন বৰ্মন বিজয়ী হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in