খহনীয়াত বিচ্চিন্ন হ’ল মানাহ-বৰপেটাৰোড সংযোগী মুখ্য পথ

খহনীয়াত বিচ্চিন্ন হ’ল মানাহ-বৰপেটাৰোড সংযোগী মুখ্য পথ

author-image
asomiyapratidin
New Update
খহনীয়াত বিচ্চিন্ন হ’ল মানাহ-বৰপেটাৰোড সংযোগী মুখ্য পথ

ডিজিটেল সংবাদ, বৰপেটাৰোড: কেইবাদিনো ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত মানাহ-বৰপেটাৰোড সংযোগী পথটো কালভাৰ্ট সহ বৃহস্পতিবাৰে পুৱাই ছিঙি যায়।

Advertisment

উল্লেখ যে বৰষুণৰ বাবে কুঠৰীঝাৰত সৃষ্টি হৈছিল খহনীয়াৰ। তাৰ পিছতেই আজি কালভাৰ্টসহ সম্পূৰ্ণৰূপে চিঙি যায় পথটো। অতিকৈ ব্যস্ত পথটোত এতিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাতায়ত।

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথটো বন্ধ হৈ পৰাত পথচাৰী তথা স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা পথটোৰে যান বাহন চলাচলৰ ক্ষেত্ৰত নিষেধ আৰোপ কৰা হৈছে।

আৰু পঢ়ক: এঘাৰ দিনৰ বিৰতিত নগাঁৱত পুনৰ বানৰ তাণ্ডৱ…

assam barpeta